ETV Bharat / bharat

মহামাৰীৰ সময়ত নিৰ্বাচনী ৰেলী: নিৰ্বাচন আয়োগে নিজৰ ব্যর্থতা নুই কৰিব নোৱাৰে - নিৰ্বাচন আয়োগ

পশ্চিম বংগত আঠটা পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে সমগ্ৰ দেশতে চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্ত পৰিল । আঠটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ বাবে পশ্চিম বংগৰ লোক সকলে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু তাৰ তুলনাত বাকী তিনিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত এপ্ৰিল মাহৰ ৬ তাৰিখেই নিৰ্বাচন শেষ হৈছিল । নিৰ্বাচন আয়োগৰ সিদ্ধান্তই পশ্চিম বংগত আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ যুক্তি যুক্ততাক লৈ এতিয়া বহু প্ৰশ্নও উত্থাপন কৰা হৈছে । কিয় পশ্চিম বংগত আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰোৱা হ'ল, সেয়া এক ডাঙৰ প্ৰশ্ন । বহু ভোটাৰে মহামাৰীৰ ভয়ত ভোট দিয়াৰ পৰা বিৰত থাকিব লগীয়া হ'ল আৰু প্ৰাৰ্থী সকলে যথেষ্ট চিন্তিত আছিল যে, ভোটাৰ সকলে ভোট দিয়াৰ পৰা বিৰত থকাৰ বাবে ই নিৰ্বাচনৰ ফলাফলৰ ওপৰত কেনে প্ৰভাৱ পেলাব । নিৰ্বাচন কোনে জিকে বা কোনে হাৰে সেইয়া ডাঙৰ কথা নহয়; কিন্তু এইয়া অনস্বীকাৰ্য যে, নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত ক'ভিড প্ৰট'কল সমূহ তথা ৰাজ্য সমূহত জাৰি কৰা নীতি নিয়ম সমূহ পালন কৰোৱা আৰু মোতায়েন কৰাত ব্যৰ্থ হৈছে ।

মহামাৰীৰ সময়ত নিৰ্বাচনী ৰেলী: নিৰ্বাচন আয়োগে নিজৰ ব্যর্থতা নুই কৰিব নোৱাৰে

author img

By

Published : May 14, 2021, 3:56 PM IST

মহামাৰীৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো তাকো ভাৰতৰ নিচিনা এখন জনবহুল দেশত অনুষ্ঠিত কৰা, ই আয়োগৰ বাবেও বৰ সহজ নাছিল । মন কৰিবলগীয়া যে, যোৱা অক্টোবৰ মাহত নিৰ্বাচন আয়োগে কৈছিল যে, নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তেওঁলোক সম্পূৰ্ণ ৰূপে সাজু । আয়োগে লগতে এইয়াও কৈছিল যে, নিৰ্বাচনৰ সময়ত যদি কোনোবাই নিয়ম-নীতি সমূহ উলংঘা কৰে তেনেহ'লে ডিজেষ্টাৰ মেনেজমেন্ট এক্টৰ ৫১ নং আৰু ৬০ নং বিধি তথা আই পি চিৰ ১৮৮ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি তেনে লোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । পিছত কিন্তু নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ সেই পাঁচটা বিধানসভা ক্ষেত্ৰত কোনো ধৰণৰ নীতি নিয়ম পালন কৰোৱাৰ বাবে সুস্পষ্ট আৰু নিৰ্বাচিত ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ।

বহু ৰাজ্যৰ উচ্চ ন্যায়ালয়ে আয়োগৰ ব্যৱস্থাত আয়োগৰ ব্যর্থতা আৰু ভুলৰ কথা উল্লেখ কৰিছে । বহু প্ৰতিষ্ঠিত আৰু ডাঙৰ ৰাজনৈতিক নেতাই যেতিয়া বহু জনসমাগম থকা ৰেলী আৰু জনসভা সম্বোধন কৰোতেও কোনো বাধা আৰোপ কৰা দেখা নগ'ল । উচ্চ ন্যায়ালয়ৰ দ্বাৰা সমালোচিত হোৱাৰ বাবে আয়োগ নিজেই জগৰীয়া । মাদ্ৰাছ উচ্চ ন্যায়ালয়ে যেতিয়া ক’লে যে, নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হত্যাৰ গোচৰ আনিব লাগে, তাৰ পিচতহে আয়োগে জয়ী হোৱা প্ৰাৰ্থীয়ে বিজয় সমদল উলিয়াব নোৱাৰিব বুলি ঘোষণা কৰিছিল । পাঁচখন ৰাজ্যতে নিৰ্বাচন সমাপ্ত হোৱাৰ পিচত জাৰি কৰা এই নিৰ্দেশনাই ক'ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত একো কৰিব নোৱাৰাটো স্বাভাৱিক, কাৰণ যি ক্ষতি হ'ব লগীয়া আছিল, সেইয়া ইতিমধ্যেই হৈ গৈছে ।

দেশত ক'ভিডত আক্ৰান্তৰ হাৰ ৩.৮ কোটিলৈ বৃদ্ধি পোৱাৰ ঘটনাই পৰিস্থিতিৰ ভয়াৱহতাৰ কথা বাখ্যা কৰে । এই বৰ্ধিত হাৰৰ সংক্ৰমণৰ বাবে নিৰ্বাচনী ৰেলী আৰু সভা সমূহ নিশ্চিতভাৱে দায়ী, কাৰণ এই সভা সমূহত ক'ভিড প্ৰট'কল মনাৰ বাবে ন্যূনতম গুৰুত্বও দিয়া হোৱা নাছিল । মাৰ্চ মাহৰ ১৫ তাৰিখৰ পাছত ক'ভিড সংক্ৰমণ সকলো ৰাজ্যতে ভয়ানক ৰূপে বাঢ়িছিল । আজিৰ দিনত পশ্চিম বংগত ক'ভিড সংক্ৰমণৰ হাৰ আগৰ তুলনাত ৪০ শতাংশ বেছি । পশ্চিম বংগই এয়া স্পষ্ট কৰে যে, পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম আৰু পুডুচেৰিত নিৰ্বাচনী ৰেলীৰ জৰিয়তে ক'ভিড সংক্ৰমণ বৃদ্ধি পাইছিল । ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ পৰিসংখ্যা অনুযায়ী দেখা যায় যে, অসমত ক'ভিড সংক্ৰমণৰ ৭৫ শতাংশই নিৰ্বাচনৰ লগত জড়িত । সকলো ৰাজনৈতিক দল যিয়ে লাখ লাখ মানুহ সভাৰ বাবে গোট খোৱাইছিল তেওঁলোকো এই বৰ্ধিত সংক্ৰমণৰ বাবে দায়ী ।

ৰাজনৈতিক দল সমূহে সমস্ত শক্তিৰে নিৰ্বাচনত জঁপিয়াই পৰাটো স্বাভাৱিক; কিন্তু নিৰ্বাচন আয়োগৰ দায়িত্ব বেছি, কাৰণ আয়োগে নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰে । এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগে এই বৰ্ধিত সংক্ৰমণৰ বাবে দায়ী, কাৰণ দুয়োটাই নিয়ম নীতি সমূহ পালন কৰোৱাত ব্যৰ্থ হৈছিল । নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত কৰোৱা নিৰ্বাচনী ৰেলী সমূহো নিশ্চয়কৈ এই ভয়াৱহ পৰিস্থিতিৰ বাবে জগৰীয়া । নিৰ্বাচন শেষ হোৱাৰ পাছত যদিও দেশৰ জনগণে স্বস্তিৰ নিশ্বাস ল'ব পাৰিছে, তথাপি কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগে ইয়াৰ পৰা শিক্ষা লোৱা উচিত আৰু ভৱিষ্যতৰ দিনত ডিজিটেল নিৰ্বাচনী প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াটো ভাল ।

লগতে পঢ়ক- ক'ভিডৰে জড়িত নীতিৰ সংশোধনৰ প্ৰয়োজন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.