ETV Bharat / bharat

75 years of independence : ভাঞ্চি, স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ - স্বাধীনতা আন্দোলনৰ শ্বহীদ

স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ ভিতৰত অন্যতম আছিল ভাঞ্চিনাথান (Martyr Vanchi of freedom movement)। কিন্তু তেওঁৰ নাম হয়টো বহুতে নাজানে । স্বাধীনতা আন্দোলনৰ বাবে সকলো ত্যাগ কৰা এইগৰাকী ভাঞ্চিনাথান কোন আছিল ?

ভাঞ্চি, স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ

author img

By

Published : Dec 18, 2021, 9:57 PM IST

নেশ্যনেল ডেস্ক,১৮ ডিচেম্বৰ : ১৯১১ চনৰ ১৭ জুলাইৰ ঘটনা । কোডাইকানালত অধ্যয়ন কৰি থকা সন্তানক সাক্ষাতৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াৰ তিৰুনেলভেলিৰ উপায়ুক্ত এশ্বে আৰু তেওঁৰ পত্নী মেৰী । বোট মেইলৰ সৈতে মানিয়াচ্চি জংচনত সংলগ্ন কৰা হৈছিল তেওঁলোকৰ পৃথক ফাৰ্ষ্ট ক্লাছ ডবাটো ।

উপায়ুক্তৰ গাৰ্ডজনে পানী আনিবলৈ যোৱাৰ লগে লগে ডবাটোত প্ৰৱেশ কৰে এগৰাকী অচিনাকি যুৱক । আৰু পত্নীৰ সৈতে কথা পাতি থকা এশ্বেক গুলীয়াই হত্যা কৰে । তাৰ পছতে ৰেল ষ্টেচনৰ শৌচালয়ত গুলীয়াই আত্মহত্যা কৰে পলাতক যুৱকজনে (Martyr Vanchi of freedom movement)।

ৰবাৰ্ট উইলিয়াম ডি এছকৰ্ট এশ্বে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৃত্যু হোৱা এইজনেই প্ৰথম ইংৰাজ অসামৰিক কৰ্মচাৰী । হত্যাকাৰীজন আছিল ২৫ বছৰীয়া ভাঞ্চিনাথান । ভাঞ্চিনাথানে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল জন্মস্থান চেংগোটাইত আৰু তিৰুৱন্তপুৰমৰ পৰা লাভ কৰিছিল কলেজীয়া শিক্ষা ।

ভাঞ্চি, স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ

স্বাধীনতা আন্দোলনত যোগদানৰ বাবে তেওঁ ত্যাগ কৰিছিল বনৰক্ষীৰ পদ । সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল ভাঞ্চিনাথানে । পুডুচেৰীৰ ভিভিএছ আয়াৰৰ ভাৰত মাতা সংগঠনৰ জৰিয়তে অস্ত্ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলভাঞ্চিনাথানে ।

স্বাধীনতা আন্দোলনৰ মাজতে তিৰুনেলভেলিৰ উপায়ুক্ত হিচাপে পদোন্নতি লাভ কৰা এশ্বে আন্দোলন দমনৰ বাবে লৈছিল বিভিন্ন পদক্ষেপ । তাৰ ভিতৰত আছিল ভি অ চিদাম্বৰমৰ বাষ্প নেভিগেচন কোম্পানীৰ ধ্বংস । যাৰ বাবে এশ্বেক হত্যাৰ পণ লৈছিল ভাঞ্চিনাথানে । আন্দোলন তীব্ৰতৰ কৰাত ভাঞ্চিনাথানৰ অৱদানে কিন্তু বিশেষ গুৰুত্ব লাভ কৰা নাছিল ইতিহাসত । কিয়নো তেওঁৰ চুইচাইড নোটৰ মতে সনাতন ধৰ্মক সংৰক্ষণৰ উদ্দেশ্যে আছিল ভাঞ্চিনাথানৰ ।

ভাঞ্চিনাথানে চুইচাইড নোটত লিখিছিল, শত্ৰু ইংৰাজে আমাৰ জাতিক ধ্বংস কৰিছে । আমাৰ সনাতন ধৰ্মক অপমান কৰিছে । আমি ব্ৰিটিছক বহিষ্কাৰ কৰিব লাগিব আৰু স্বাধীনতা প্ৰতিষ্ঠা কৰিব লাগিব । গোমাংস ভক্ষণকাৰী জৰ্জ পঞ্চমনাক মুকুট পিন্ধোৱাৰ এক অপ্ৰাণ চেষ্টা চলিছে ।

কিন্তু আমাৰ দেশত ভৰি দিয়াৰ লগে লগে তেওঁক হত্যাৰ বাবে আমি ৩০০০ মাদ্ৰাচীয়ে প্ৰশিক্ষণ লৈ আছো । তেওঁলোকৰ ভিতৰত মই আটাইতকৈ সৰু আছিলো ।' ভাঞ্চিনাথানৰ ত্যাগক স্মৰণ কৰি মানিয়াচি ৰেল ষ্টেচনক "ভাঞ্চি মানিয়াচী" নামেৰে নামাকৰণ কৰিছিল প্ৰাক্তন সাংসদ কুমাৰী আনন্দনে ।

ভাঞ্চিনাথানৰ এটা প্ৰতিমূৰ্তি আৰু চেংগোটাইত এটা স্মাৰকো স্থাপন কৰিছিল তামিলনাডু চৰকাৰে । এই প্ৰতিবেদনৰ জৰিয়তে সেইগৰাকী ভাঞ্চিনাথানৰ ত্যাগক স্মৰণ ইটিভি ভাৰতৰ । যিয়ে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে ।

লগতে পঢ়ক :75 Years of Independence: ভগত সিং, ন্যায়ৰ বাবে মাত্ৰ এটা গুলী মৰা বিপ্লৱীগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.