নেশ্যনেল ডেস্ক, 3 আগষ্ট : পাব জি খেলে কাল মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ ৷ পাব জিত লগ পোৱা বন্ধুৱে চলনা কৰি বিবাহিত মহিলাগৰাকীক বিয়াৰ প্ৰলোভন দি কেইবাবাৰো ধৰ্ষণ কৰাৰ লগতে, অশ্লীল ভিডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ ভয় ভাবুকিৰে ব্লেকমেইল কৰি আহিছিল ৷ উপায়হীন হৈ মহিলাগৰাকীয়ে আত্মহত্যা কৰিবলৈ যাওঁতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ সম্প্ৰতি মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
ভুক্তভোগী মহিলাগৰাকীৰ বিৱৰণ অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ কোনাসীমা জিলাৰ এগৰাকী যুৱতীয়ে বেটেল গ্ৰাউণ্ডছ ম'বাইল ইণ্ডিয়াৰ (পূৰ্বতে পাবজি) জৰিয়তে ভাচা কুমাৰ নৰসিংহমূৰ্তি নামৰ এজন যুৱকৰ সংস্পৰ্শলৈ আহিছিল ৷ ক্ৰমাৎ এই সম্পৰ্কক সামাজিকভাৱে স্বীকৃতি দিবলৈ 2020 চনৰ জুনত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয় ৷
বিয়াৰ পিচতো মহিলাগৰাকীয়ে পাব জি খেলা বন্ধ কৰা নাছিল ৷ তেতিয়াই মূৰ্তি নামৰ এজন যুৱকৰ সৈতে পাব জিতে পৰিচয় হয় বিবাহিত মহিলাগৰাকীৰ ৷ মূৰ্তিৰ লগত ক্ৰমে কথা বাঢ়িবলৈ ধৰে মহিলাগৰাকীৰ ৷ এই কথা গম পাই স্বামীয়ে মহিলাগৰাকীক সন্দেহ কৰিছিল ৷ ইয়াৰ ফলস্বৰূপে, মহিলাগৰাকীয়ে স্বামীৰ পৰা বেলেগকৈ থকাৰ সিদ্ধান্ত লৈছিল ৷
পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে কৰ্মসংস্থাপনৰ বাবে হায়দৰাবাদত থকা তেওঁৰ এজন বন্ধুৰ ওচৰলৈ আহিছিল ৷ একেটা সময়তে মূৰ্তিও হায়দৰাবাদলৈ আহিছিল ৷ দুয়ো একেখন চহৰত থকাৰ বাবে মূৰ্তিয়ে মহিলাগৰাকীক কেইবাবাৰো লগ পাইছিল৷ তেনে সময়তে মহিলাগৰাকীয়ে আমিৰপেটৰ এটা হোষ্টেলত থাকিবলৈ লৈছিল ৷ মূৰ্তিয়ে মহিলাগৰাকী থকা হোষ্টেলৰ সমীপতে আছিল ৷ অৱশেষত, মূৰ্তিয়ে মহিলাগৰাকীক আশ্বাস দিয়ে যে, যদি তেওঁ স্বামীক এৰি দিয়ে, তেন্তে তেওঁ মহিলাগৰাকীৰ লগত বিবাহপাশত বহিব ৷
ইয়াৰ পিচতে মূৰ্তিয়ে মহিলাগৰাকীক নিজৰ ভাড়া কোঠালৈ লৈ গৈছিল ৷ মূৰ্তিয়ে তেওঁক সুৰা মিহলি কৰা এটা শীতল পানীয় দিছিল ৷ ইয়াৰ পিচতে মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে মূৰ্তিয়ে ৷ মূৰ্তিয়ে মহিলাগৰাকীৰ নগ্ন ভিডিঅ' আৰু ফটোও তুলিছিল ৷ তাৰ পিচতে লাহে লাহে মূৰ্তিয়ে মহিলাগৰাকীক ভয় ভাবুকি কেইবাবাৰো ধৰ্ষণ কৰিছিল ৷
অৱশেষত, মহিলাগৰাকীয়ে ভীতিগ্ৰস্ত হৈ পুনৰ গাঁৱলৈ উভতি যায়, তেওঁ উপায়হীন হৈ বাছ আস্থানৰ ওচৰত কীটনাশক খাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ৷ স্থানীয় লোকে ততালিকে আৰক্ষীক খবৰ দি মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ গৈছিল৷ আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰে ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্তৰ বাবে হায়দৰাবাদ মাদুৰানগৰ আৰক্ষী থানালৈ গোচৰটো স্থানান্তৰ কৰা হয় ৷ মাদুৰানগৰ আৰক্ষীয়ে বৰ্তমান ঘটনাৰ তদন্ত কৰি আছে৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷