নেশ্যনেল ডেস্ক, 23 জুলাই : বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ বিবাহিত প্ৰেমিকাৰ ছুৰিকাঘাতত জীৱন-মৃত্যুৰে যুঁজিছে যুৱকে ৷ বেংগালুৰুত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ প্ৰেমেই কাল মাতিলে যোগেশৰ জীৱনলৈ ৷ প্ৰেমিকাক এৰি যাবলৈ বিচৰাৰ বাবেই প্ৰেমিকাৰ নৃশংসতাৰ বলি হ’ল যুৱকজন ৷
ঘটনা অনুসৰি আজিৰ পৰা প্ৰায় চাৰি দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ যোগেশ নামৰ যুৱকজনে বিবাহিতা প্ৰেমিকাৰ লগত বেংগালুৰুৰ বিবেকানগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত বাস কৰিছিল ৷ বিবাহিতা মহিলাগৰাকীক তেওঁৰ স্বামীয়ে এৰি থৈ গৈছিল ৷ "ডী কেয়াৰ" নামৰ এটা প্ৰতিষ্ঠানত মহিলাগৰাকীয়ে পৰিচাৰিকা হিচাপে কৰ্মৰত আছিল, যোগেশ সেই প্ৰতিষ্ঠানটোৰেই এগৰাকী নিৰাপত্তাৰক্ষী হিচাবে কৰ্মৰত আছিল ৷
কৰ্মস্থলীতেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল ৷ তাৰ পিচত দুয়ো একেলগে থকা সিদ্ধান্ত লৈছিল ৷ সেইমতে দুয়োয়ে একেলগে বাস কৰিথছিল ৷ যুৱকজনে শেহতীয়াকৈ মহিলাগৰাকীৰ পৰা ভালেমান ধন লৈছিল ৷ লাহে লাহে মহিলাগৰাকীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল যুৱকজনে ৷ যোগেশৰ ব্যৱহাৰ মহিলাগৰাকীয়ে বুজি পাই এই সন্দৰ্ভত যোগেশৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছিল ৷ যোগেশে ক্ৰমাৎ মহিলাগৰাকীৰ পৰা ফালৰি কাটিবলৈ লোৱা ব্যৱহাৰত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে যোগেশক ছুৰীকাঘাত কৰে ৷ মহিলাগৰাকীৰ ছুৰীৰ আক্ৰমণত সংকটজনক অৱস্থাত যোগেশক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
এই ঘটনা সংঘটিত কৰিয়েই মহিয়াগৰাকীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও দেওবাৰে বিবেকনগৰ আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি যোগেশৰ অৱস্থা গুৰুতৰ আৰু তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰে ৷ অভিযুক্ত মহিলাগৰাকীক অধিক তথ্যৰ বাবে সোধা-পোছা কৰিবলৈ আৰক্ষীৰ জিম্মাত লোৱা হৈছে ৷
লগতে পঢ়ক: Murder at Sonari: সোণাৰিত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ