নেশ্য়নেল ডেস্ক,২৯ নৱেম্বৰ: কুকুৰাৰ মাংস আপোনাৰ কিমান প্ৰিয় ? কুকুৰাৰ মাংসৰ বাবে আপুনি কি কৰিব পাৰে ? এখন বিয়াত কুকুৰাৰ মাংসক লৈয়ে লাগিল মহা অথন্তৰ । যৌতুক বা প্ৰেমৰ সম্পৰ্কৰ অভাৱৰ বাবে আপুনি বিবাহ বন্ধ হোৱা দেখিছে । কিন্তু এইবাৰ কুকুৰাৰ মাংসৰ বাবে বন্ধ কৰা হ'ল এখন বিবাহ অনুষ্ঠান । সোমবাৰে পুৱাৰ ভাগত হায়দৰাবাদৰ শ্বাহপুৰনগৰত সংঘটিত হয় এই ঘটনা(marriage stopped due to lack of chicken) ।
হায়দৰাবাদৰ শ্বাহপুৰনগৰৰ কুটবুল্লাপুৰৰ পৰা জগদগিৰিগুট্টা ৰিংবস্তিৰ দৰাই কইনা নিবলৈ আহিছিল । সেই অনুসৰি কইনা পক্ষই আয়োজন কৰিছিল এক নৈশ ভোজৰ । কইনা পক্ষ মাৰোৱাৰী সম্প্ৰদায়ৰ হোৱাৰ বাবে তেওঁলোকে নিৰামিষ ভোজনৰ ব্যৱস্থা কৰিছিল । কিন্তু তাতেই লাগিল কেৰোণ ।
অনুষ্ঠানৰ মাজতে দৰাৰ বন্ধুসকল আহিল আহাৰ গ্ৰহণ কৰিবলৈ । কিন্তু ভোজনৰ থালত কুকুৰাৰ মাংস নাপাই ৰুষ্ট হৈ পৰিল দৰাৰ বন্ধুগণ । কুকুৰাৰ মাংস নোপোৱাৰ বাবে দৰাৰ বন্ধুসকলে ভোজন গ্ৰহণ নকৰাকৈয়ে ওলাই আহিল আৰু কাজিয়াত লিপ্ত হ'ল(Marwari family as guests quarrelled) । কাজিয়াৰ অন্তত স্থগিত ৰখা হয় বিবাহ কাৰ্যসূচী । লগে লগে কইনাগৰাকীৰ পৰিয়ালে গিডেমেটলাৰ আৰক্ষী বিষয়া পৱনক লগ কৰি ঘটনা সম্পৰ্কে অৱগত কৰে । তেওঁ দুয়োটা পৰিয়ালক আৰক্ষী চকীলৈ মাতিছিল আৰু তেওঁলোকক বুজনি দিয়ে । পিছত কইনা আৰু দৰাৰ পৰিয়ালে এই মাহৰ ৩০ তাৰিখে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক: Crime in Guwahati: আৰক্ষীৰ অপৰাধ শাখাৰ জালত ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া