নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : ছত্তিশগড়ৰ ইন্দ্ৰাৱতী অঞ্চলত শুকুৰবাৰে জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন মাওবাদী আৰক্ষীৰ গুলীত নিহত হয় ৷ এই কথা জানিবলৈ দিয়ে দান্তেৱাৰাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি, দান্তেৱাৰা জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু ইন্দ্ৰাৱতীৰ সমীপত অৱস্থান কৰি থকা মাওবাদীসকলৰ মাজত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৷
প্ৰায় 5 লাখ টকা কঢ়িয়াই অনা এজন মাওবাদীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে ৷ লগতে এটা 7.62 এম এম পিষ্টল আৰু 5 কিল’গ্ৰাম ওজনৰ (IED) পোৱা গৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ বিষয়াজনে লগতে কয় যে, মাওবাদীজনক 16 নং প্লাটুনৰ কমাণ্ডাৰ ৰামচু বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে অঞ্চলটোত অনুসন্ধান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : 14 বছৰৰ অন্তত নিজ ঘৰত উপস্থিত সংবিজিত; পৰেশ বৰুৱাক জনালে উভতি অহাৰ আহ্বান