ETV Bharat / bharat

Police Big success against Naxalites: ছত্তীশগড়ৰ বিজাপুৰত গ্ৰেপ্তাৰ পাঁচ মাওবাদী

author img

By

Published : Jan 11, 2023, 1:11 PM IST

বিজাপুৰত অপহৰণ,হত্যা আৰু বিস্ফোৰণৰ ঘটনাত জড়িত পাঁচজন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে (Maoist arrested at Bijapur in Chhattisgarh)। অৰণ্যৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মাওবাদীকেইজনক । কেন্দ্ৰীয় সুৰক্ষা বাহিনী আৰু পামেদ আৰক্ষী থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত মাওবাদীকেইজনক গ্ৰেপ্তাৰ কৰা হয় ।

Bijapur police Big success against Naxalites
ধাৰামাৰামৰ অৰণ্যত গ্ৰেপ্তাৰ মাওবাদী

নেশ্য়নেল ডেস্ক,১১ জানুৱাৰী: ছত্তীশগড়ৰ বিজাপুৰ জিলাত পুনৰ গ্ৰেপ্তাৰ হৈছে মাওবাদী (Maoist arrested in Bijapur) । ইতিমধ্য়ে নিৰাপত্তাৰক্ষীয়ে ৰাজ্য়খনত অপহৰণ, হত্যা, লুণ্ঠন আৰু বিস্ফোৰণৰ দৰে অপৰাধজনিত ঘটনাৰ লগত জড়িত দুধৰ্ষ মাওবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সফল হৈছে। নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিছে (Bijapur police Big success against Naxalites)। সুৰক্ষা বাহিনীৰ এটা দলে বিজাপুৰৰ পামেদ অঞ্চলৰ পৰা পাঁচজন মাওবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চিআৰপিএফৰ ১৫১ নম্বৰ আৰু ১৯৬ নম্বৰ কোম্পানীৰ জোৱান আৰু আৰক্ষীৰ দলে নক্সালবাদীৰ বিৰুদ্ধে বিজাপুৰত এই অভিযান চলায় ।

ধাৰামাৰামৰ অৰণ্যত চলোৱা অভিযানৰ সময়ত সুৰক্ষা বাহিনী আৰু পামেদ আৰক্ষী থানাৰ পৰা যোৱা আৰক্ষীৰ এটা যুটীয়া দলে মাওবাদীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (CRP Search operation in forest)। অৰণ্যখনত সুৰক্ষা বাহিনীৰ অভিযানকাৰী দলটোৱে অভিযান চলোৱাৰ পিছতেই পাঁচজন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে । অভিযানকাৰী দলটোক দেখাৰ লগে লগে মাওবাদীৰ দলটোৱে সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰোতেই অভিযানকাৰী দলে আটাইতকৈ আটক কৰিবলৈ সক্ষম হয় । গ্ৰোপ্তাৰ কৰা মাওবাদী দলটোৰ ভিতৰত অন্য়তম হৈছে তেলম নাগেশ, গুণ্ডি লিঙ্গায় । এই দুয়োজন মাওবাদী সদস্য বহুকেইটা অপহৰণ আৰু হত্যাৰ ঘটনাৰ লগত জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে ।

ইপিনে,নক্সাল গুণ্ডি ৰামাৰাও হৈছে ভুমকাল মিলিছিয়াৰ সদস্য । নক্সালসকলৰ ভিতৰত শ্বামু কৰম আৰু কৰম কামা পামেদত আইইডি বিস্ফোৰণত জড়িত হৈ আছিল বুলি একেটা সূত্ৰই সদৰি কৰিছে । মাওবাদী গুণ্ডি ৰামা ৰাও হৈছে ভুমকাল মিলিছিয়াৰ সভাপতি । আৰক্ষীয়ে ইতিমধ্য়ে ধৃত এইজন সদস্যৰ মূৰৰ ওপৰত ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । ইফালে এই অভিযান কালত এজন চিআৰপিএফ জোৱান নিহত হৈছে ।

পিছত আৰক্ষীয়ে আটাইকেইজন মাওবাদীক আদালতত হাজিৰ কৰোৱাৰ অন্তত আদালতে আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে শেহতীয়াকৈ প্ৰকাশ মতে, নক্সাল সংগঠনত থকা জ্য়েষ্ঠ নেতাবোৰে কনিষ্ঠবোৰক কামৰ দায়িত্ব অৰ্পণ কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাই আছে । লগতে আৰক্ষীয়ে দাবী কৰিছে যে, গ্ৰেপ্তাৰ কৰা মাওবাদীকেইজনক সোধা-পোছাত বহুতো গুৰুত্বপূৰ্ণ উন্মোচন হ'ব পাৰে । ইপিনে,নক্সালবাদীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষীয়ে মন্তব্য় কৰি কয় যে ইয়াৰ বাবেই এতিয়া নক্সালসকলে মূলসুঁতিলৈ ঘূৰি আহিবলৈ কৰিবলৈ বাধ্য় হৈছে । উল্লেখ্য় যে যোৱাটো বৰ্ষৰ ছেপ্টেম্বৰতো ছত্তীশগড়ৰ বিজাপুৰ জিলাত আৱাপল্লী আৰক্ষী থানা অঞ্চলতো নিৰাপত্তাৰক্ষীয়ে দুজন মাওবাদীক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক:Court sentences Gujarat cop life imprisonment: পত্নী-কন্যাৰ হত্যাৰ অপৰাধত এজন জোৱানক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.