ETV Bharat / bharat

Railway track crack : ৰে'লপথৰ ভগা চিৰিৰ ওপৰেদি চলিল কেইবাখনো ৰেল !

author img

By

Published : Dec 19, 2022, 1:49 PM IST

নালন্দাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল শ শ ৰে'ল যাত্ৰী (Major train accident averted in Nalanda)। ভগা চিৰিৰ ওপৰেৰে পাৰ হৈ গ'ল যাত্ৰীবাহী আৰু মালবাহী ৰে'ল । গমকে নাপালে ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে । স্থানীয় লোকৰ সজাগতাৰ বাবে দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল কেইবাখনো ৰে'ল ।

Railway track crack
ৰে'লপথৰ ভগা চিৰিৰ ওপৰেৰেই চলিল যাত্ৰীবাহী ৰে'ল

নেশ্যনেল ডেস্ক,১৯ ডিচেম্বৰ : বিহাৰৰ নালন্দাত চাঞ্চল্যকৰ ঘটনা । ৰে'লপথৰ ভগা চিৰিৰ ওপৰেৰেই চলিল যাত্ৰীবাহী ৰে'ল । কোনো মতে ৰক্ষা পৰিল শ শ ৰে'ল যাত্ৰী । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কেইবাখনো যাত্ৰীবাহী ৰে'ল (Major train accident averted in Nalanda)। খবৰ নাই ৰে'ল বিভাগৰ ।

ঘটনাটো সংঘটিত হৈছে বিহাৰ শ্বৰীফ ৰেল ষ্টেচনৰ চান্দপুৰা গাঁৱৰ সমীপত । উক্ত স্থানত ৰে'ল পথৰ এটা চিৰি ভাঙি আছিল । কিন্তু ৰে'ল বিভাগে সেই কথা জনা নাছিল । লক্ষণীয়ভাৱে সেই ভগা চিৰিৰ ওপৰেৰেই পাৰ হৈ গ'ল কেইবাখনো ৰে'ল । অৱশেষত ভগা চিৰি প্ৰত্যক্ষ কৰি একাংশ স্থানীয় লোকে ৰে'ল বিভাগক খবৰ দিয়ে ।

ইফালে নালন্দাৰ ৰে'লকৰ্মীসকলৰ অৱহেলাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছে । বিভাগটোৰ দায়িত্বহীনতাক লৈও প্ৰশ্ন উত্থাপন হৈছে । কিয়নো উক্ত ভগা চিৰিৰ ওপৰেৰেই কেইবাখনো ৰে'ল পাৰ হৈ গৈছে (Trains passed through broken track in Nalanda)। তাৰ পাছতো গম নাপালে ৰে'ল কৰ্মচাৰীসকলে ।

ইফালে ৰাজগীৰ-বখতিয়াৰপুৰ শাখাত চেইনপুৰা ৰেল ক্ৰছিংৰ ওচৰত ভগা অংশটো স্থানীয় লোকেহে প্ৰত্যক্ষ কৰিলে । তেওঁলোকে গেটমেনজনক অৱগত কৰে । ইয়াৰ পাছতে, বিহাৰ শ্বৰীফৰ ষ্টেচন মেনেজাৰ আৰু কাৰিকৰী দলটো ঘটনাস্থলীত উপস্থিত হয় আৰু প্লেট স্থাপন কৰি ভগা চিৰিটো মেৰামতি কৰে ।

আনহাতে ৰে'ল পথৰ চিৰিটো মেৰামতি কৰাৰ পাছত পুনৰ ৰে'লৰ যাত্ৰা আৰম্ভ হৈছে । স্থানীয় লোকসকলে জনোৱা মতে একাংশ লোকে বজাৰলৈ গৈ থকা সময়ত হঠাতে তেওঁলোকে ভগা চিৰি দেখিছিল । তেতিয়ালৈকে, যাত্ৰীবাহী আৰু এখন এক্সপ্ৰেছ ৰে'লৰ সৈতে এখন মালবাহী ৰে'লও পাৰ হৈ গৈছিল । অৱশ্যে চিৰি ভগাৰ খবৰ লাভ কৰাৰ পাছতে দেওবাৰৰ দিনটোত স্থানীয় ৰে'লৰ পৰিচালনা বন্ধ কৰা হৈছে ।

ৰে'ল বিষয়া সুধাংশু কুমাৰ নিৰালাই কোৱা মতে গাওঁবাসীয়ে চিৰি ভাগি থকা কথাটো অৱগত কৰিছিল । তথ্য লাভ কৰাৰ পাছতে কাৰিকৰী দলটো ঘটনাস্থলীত উপস্থিত হৈ প্লেট স্থাপন কৰিছে । উক্ত সময়ছোৱাত কোনো ৰে'লৰ যাত্ৰা পলম হোৱা নাই বুলি তেওঁ অৱগত কৰে । ইফালে শীতকালত প্ৰায়ে চিৰি ভাঙি যোৱাৰ ঘটনা সংঘটিত হয় । অৱশ্যে বিহাৰত গাওঁবাসীৰ সতৰ্কতাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল ।

লগতে পঢ়ক :Shraddha like murder case: শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.