ETV Bharat / bharat

Road Accident in Himachal : বিলাসপুৰত বাছ দুৰ্ঘটনা; আহত 18 যাত্ৰী

author img

By

Published : Nov 25, 2022, 1:03 PM IST

হিমাচলত অঘটন । বিলাসপুৰ চহৰৰ সংলগ্ন বামতা চ’কৰ সমীপত অনিয়ন্ত্ৰিত হৈ বাগৰি পৰে এখন বাছ (Road accident at Bilaspur)। ফলত গুৰুতৰভাৱে আহত হয় 18 জন যাত্ৰী ৷ জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ 40 জন লোক (Many people injured in road accident at Bilaspur in Himachal) ৷

Road Accident in Himachal
হিমাচলত পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই দুৰ্ঘটনা হোৱাৰ অধিকাংশ কাৰণেই হৈছে ঘন কুঁৱলি ৷ বিশেষকৈ পাহাৰীয়া ৰাজ্যসমূহত ঘন কুঁৱলিৰ বাবে অধিক দুৰ্ঘটনা হোৱা দেখা যায় ৷

তথ্য অনুসৰি, শুকুৰবাৰে পুৱা হিমাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ চণ্ডীগড় মানালী পথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Bilaspur) ৷ পুৱা মানালীৰ পৰা চণ্ডীগড় অভিমুখে গৈ থকা পঞ্জাৱৰ PB01C 9972 নম্বৰৰ এখন বিলাসী বাছ সাগৰ ভিউ হোটেলৰ সমীপতে এক দুৰ্ঘটনাত পতিত হয় ৷

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা বাছখনত আছিল 40 জন যাত্ৰী (Many people injured in road accident at Bilaspur in Himachal)৷ ইয়াৰে ভিতৰত 18 জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতসকলক চিকিৎসাৰ বাবে তৎকালীনভাৱে বিলাসপুৰৰ আঞ্চলিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় । প্ৰাৰম্ভিক তদন্ত অনুসৰি, অভাৰ স্পীডৰ বাবেই বাছখন দুৰ্ঘটনা পতিত হোৱা বুলি অনুমান কৰিছে আৰক্ষীয়ে (Bilaspur Latest Hindi news)৷

Road Accident in Himachal
হিমাচলত পথ দুৰ্ঘটনা

ইফালে এই বাছ দুৰ্ঘটনাত আহত লোকসকলৰ অধিকাংশই ওড়িশা, তামিলনাডু আৰু পঞ্জাৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে ভিতৰত আৰতি, শান্তি আৰু ৰাহুল মুম্বাই বাসিন্দা, হৰ্ষ আৰু ব্যাস ৰাজস্থান, আশীষ দিগাৰে পশ্চিম মুম্বাই, পূৱ জৈন ৰাজস্থান, দিৱান নাশিক (মহাৰাষ্ট্ৰ), বছৰ নায়ক ভুৱনেশ্বৰ ওড়িশা, পনৱিত শ্বাহ ওড়িশা, জলন্ধাৰৰ অমিত ৰায় আৰু মুথু কৰিষণা তামিলনাডুৰ বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে বাকী আহতসকলৰ নাম জানিব পৰা হোৱা নাই ৷

আনহাতে, এই বাছ দুৰ্ঘটনাত আহত এজন ব্যক্তিৰ স্বাস্থ্য কিছু অৱনতি ঘটাত পিজিআইলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, আন আহতসকলক বিলাসপুৰৰ আঞ্চলিক চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ উল্লেখ্য যে, মানালীৰ পৰা উভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় উক্ত যাত্ৰীবাহি বাছখন (Bilaspur Bus Accident Latest News) ৷ লগে লগে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত বিলাসপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.