নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত মঙলবাৰে বিয়লি এটা গুদামত বিস্ফোৰণ হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক আহত হয় ৷ সিদ্ধাৰ্থনগৰ জিলাৰ আলিগড়ৱাৰ এটা গুদাম ঘৰত বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ৷
সিদ্ধাৰ্থনগৰৰ জিলা দণ্ডাধীশ পৱন আগৰৱালে কয় যে, দিনৰ প্ৰায় 2 বজাত আলিগড়ৱাত এই বিস্ফোৰণটো সংঘটিত হৈছে, এই ঘটনাত এজন শিশু আৰু এজন লোকৰ মৃত্যু হোৱাৰ লগতে আৰু চাৰিজন আহত হয় । ইতিমধ্যে আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ অৱশ্যে বিস্ফোৰণটো ৰেফ্ৰিজেটৰ কম্প্ৰেচাৰৰ ফলত হোৱা বুলি আশংকা কৰা হৈছে ৷
আগৰাৱালে লগতে কয় যে, দুজন আহত লোকক এতিয়া চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । আন দুজনো বিপদমুক্ত । তেওঁলোকক জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷
এই বিস্ফোৰণৰ পিচত দীৰ্ঘসময় ধৰি অঞ্চলটোত মৃদু জোকাৰণি অব্যাহত আছিল । বিস্ফোৰণৰ পিচত সমগ্ৰ গুদামঘৰটো জুয়ে ছানি ধৰে ৷ লগে লগে গুদামটোৰ ভিতৰত থকা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তাত থকা লোকসকলে কোনোমতে গুদামটোৰ ভিতৰৰ পৰা পলাই সাৰিছিল ৷
এই অগ্নিকাণ্ডৰ ফলত বহুতো ব্যৱসায়ীৰ বাইক জ্বলি ছাই হৈ যায় । ইয়াৰ উপৰিও, গুদামবোৰত ৰখা সামগ্ৰীসমূহ জ্বলি ভষ্মীভূত হয় । এই খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷
ইফালে আৰক্ষীৰ অনুসন্ধানত, বিষয়াজনে কয় যে, এটা গুদামঘৰৰ ভিতৰত প্ৰায় 7-8 টা ৰেফ্ৰিজেৰেটৰ আছিল ৷ ৰেফ্ৰিজেৰেটৰৰ কম্প্ৰেচাৰৰ ফলত বিস্ফোৰণ সংঘটিত হয় ৷
লগতে পঢ়ক: Attempt to rape: বন্ধুৰ ঘৰলৈ আনি যুৱতীক ধৰ্ষণৰ চেষ্টা তিনি যুৱকৰ; ঠিকনা লক্ আপ