ETV Bharat / bharat

আম্বানীৰ পদুলিত বোমা সম্পৰ্কীয় গোচৰৰ অন্যতম অভিযুক্ত মনচুখ হীৰেণ - NIA

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বিশেষ আদালতক জনোৱা মতে, আম্বানীৰ পদুলিত বোমাভৰ্তি বাহন ৰখোৱা সম্পৰ্কীয় গোচৰত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেৰ সৈতে ব্যৱসায়ী মনচুখ হীৰেণো জড়িত আছিল । NIAই ৱাজেৰ কোম্পানীৰ নামত থকা এটা বেংক একাউণ্টৰ স্বাক্ষৰ লাভ কৰিছে, যিটো একাউণ্টত 1.5 কোটি টকা জমা আছে ৷

Ambani bomb scare case
আম্বানীৰ বোমা সম্পৰ্কীয় গোচৰ
author img

By

Published : Apr 8, 2021, 1:26 PM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে বিশেষ আদালতক জনায় যে, বিগত ফেব্ৰুৱাৰী মাহত উদ্যোগপতি মুকেশ আম্বানীৰ দক্ষিণ মুম্বাইৰ বাসগৃহৰ বাহিৰত ৰখা বোমা ভৰ্তি বাহন সন্দৰ্ভত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজেৰ সৈতে মনচুখ হীৰেণ নামৰ আন এজন লোকো জড়িত আছিল ৷

ৱাজেৰ জিম্মাৰ সময়সীমা বৃদ্ধিৰ আবেদন জনাই অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল অনিল সিঙে আদালতক কয় যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই কোম্পানীৰ নামত থকা এটা বেংক একাউণ্টৰ স্বাক্ষৰ লাভ কৰিছে আৰু এই একাউণ্টত 1.5 কোটি টকা জমা ধন আছে ৷ এনআইএৰ তদন্তত এইটোও পোৱা গৈছে যে, ৱাজে তেওঁৰ সহায়কাৰীসকলক পৃথককৈ মুঠ লাখ টকা, 40 লাখ টকা আৰু 36 লাখ টকা প্ৰদান কৰিছিল ।

NIAই আম্বানীৰ দক্ষিণ মুম্বাইৰ বাসগৃহৰ বাহিৰত পোৱা বোমা ভৰ্তি বাহন আৰু বাহনখনৰ গৰাকী থানেৰ ব্যৱসায়ী মনচুখ হীৰেণৰ হত্যাৰ ঘটনাৰ তদন্ত কৰি আছে । তদন্তত সংস্থাটোৱে কয় যে, বিগত 25 ফেব্ৰুৱাৰীত আম্বানীৰ বাসগৃহৰ বাহিৰত ৰখাই থোৱা বাহনখনত ৰখা জিলেটিন ষ্টিক ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল নেকি, তেওঁলোকে ৱাজেক প্ৰশ্ন কৰিব বিচাৰিছিল ৷

ইফালে অনিল সিঙে কয় যে, NIAই ৱাজে নামৰ নিলম্বিত সহকাৰী আৰক্ষী পৰিদৰ্শক গৰাকীক ইমান বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল নেকি, সেই বিষয়ে প্ৰশ্ন কৰিব লাগিব । NIAৰ বিশেষ আদালতৰ ন্যায়াধীশ পি আৰ চিত্ৰেই 9 এপ্ৰিললৈকে ৱাজেৰ জিম্মাৰ সময়সীমা বৃদ্ধি কৰে । সিঙে কয় যে, ৱাজেৰ বিদ্যমান বেংক একাউণ্টৰ পৰা নগদ ধন উলিয়াবলৈ NIAক অধিক সময়ৰ প্ৰয়োজন । ৱাজে আৰু আন অভিযুক্তসকলে 2 আৰু 3 মাৰ্চত হীৰেণক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল ।

উল্লেখ্য যে, বিগত 5 মাৰ্চত হীৰেণৰ মৃতদেহ থানেৰ এটা খাদত পোৱা গৈছিল । ৱাজেৰ অধিবক্তা আবাদ পোণ্ডাই ৱাজেৰ জিম্মাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে NIAৰ আবেদনৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক : বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব মোলায়ম সিং যাদৱৰ ভতিজাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.