ETV Bharat / bharat

ফেছবুক পোষ্টৰ পাছতেই ন্যায়ালয়ত আত্মসমৰ্পন ডি ৱাই এফ আই নেতাৰ

কেৰালাত নিৰ্বাচনৰ দিনা মুকলি ভোট সম্পৰ্কীয় এটা বিবাদত মনচুৰ নামৰ এজন মুছলিম লীগৰ কৰ্মীক আক্ৰমণ কৰা হৈছিল । আক্ৰমণকাৰীসকলে মনচুৰৰ ঘৰৰ সন্মুখত এটা বোমা নিক্ষেপ কৰিছিল ।

Mansoor murder: DYFI leader believed to be key accused, surrenders
ফেছবুক পোষ্টৰ পাছতেই আদালতত আত্মসমৰ্পন ডি ৱাই এফ আই নেতাৰ
author img

By

Published : Apr 17, 2021, 10:29 AM IST

নিউজ ডেস্ক, 17 এপ্ৰিল : কেৰালাৰ ডি ৱাই এফ আই নেতা সুহাইল থালাচেৰীয়ে শুকুৰবাৰে থালাচেৰী দণ্ডাধীশ আদালতত আত্মসমৰ্পণ কৰে । সুহাইল থালাচেৰী কেৰালাৰ মুছলিম লীগৰ কৰ্মী মনচুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ৷ থালাচেৰীয়ে আত্মসমৰ্পণৰ পূৰ্বে নিজৰ ফেচবুকত মনচুৰ তেওঁৰ ভাতৃৰ দৰে বুলি উল্লেখ কৰি তেওঁ মনচুৰৰ হত্যাত জড়িত নাছিল বুলি এটা পোষ্ট কৰিছিল । তেওঁ লাই ডিটেক্টৰ পৰীক্ষাৰ বাবে সাজু বুলি উল্লেখ কৰিছিল ।

উল্লেখ্য যে, কেৰালাত নিৰ্বাচনৰ দিনা মুকলি ভোট সম্পৰ্কীয় এটা বিবাদত মনচুৰ নামৰ এজন মুছলিম লীগৰ কৰ্মীক আক্ৰমণ কৰা হৈছিল । আক্ৰমণকাৰীসকলে মনচুৰৰ ঘৰৰ সন্মুখত এটা বোমা নিক্ষেপ কৰিছিল । বোমা বিস্ফোৰণৰ ফলত হোৱা গুৰুতৰ আঘাতৰ ফলত প্ৰচুৰ ৰক্তক্ষৰণ হৈ মনচুৰৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল । কেৰালা আৰক্ষীয়ে ঘটনাৰ তদন্ত আব্যাহত ৰাখি মনচুৰৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : তামিল কৌতুক অভিনেতা বিবেকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.