ETV Bharat / bharat

১০ মিটাৰ দৈৰ্ঘ্যৰ short span দলঙে কেনেদৰে সহায় কৰিব ভাৰতক ! - লাৰ্চেন এণ্ড টৌব্ৰো

শুকুৰবাৰে ভাৰতৰ সেনাপ্ৰধান মনোজ মুকুন্দ নাৰাভানেই উদ্বোধন কৰিলে থলুৱাভাৱে নিৰ্মিত ১২ খন ছৰ্ট স্পান দলং(short span bridge) । এই দলং উদ্বোধন কৰি তেওঁ কয় যে, পশ্চিম দিশত পাকিস্তানৰ সৈতে যিকোনো যুদ্ধ সদৃশ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ টেংক আৰু সু-সজ্জিত যুঁজাৰু বাহন যিকোনো পথেৰে লৈ যোৱাৰ ক্ষেত্ৰত ছৰ্ট স্পান দলঙে সহায় কৰিব । কিয়নো, ছৰ্ট স্পান দলঙৰ জৰিয়তে দুৰ্গম অঞ্চলতো অস্ত্ৰ-শস্ত্ৰসহ নদী, পুখুৰী, নলা আদি অনায়াসে পাৰ হ'ব পাৰি ।

Manoj Mukund Naravane inaugurated 12 short span bridge on Friday
থলুৱাভাৱে নিৰ্মিত ১২ খন ছৰ্ট স্পান দলং উদ্বোধন
author img

By

Published : Jul 2, 2021, 7:09 PM IST

নেশ্যনেল ডেস্ক, ২ জুলাই : ৫ মিটাৰ, ১৫ মিটাৰৰ পিছত এই ভাৰতীয় সেনাত অন্তৰ্ভুক্ত হ'ল ১০ মিটাৰ দৈৰ্ঘ্যৰ ছৰ্ট স্পান দলং । শুকুৰবাৰে ভাৰতৰ সেনাপ্ৰধান মনোজ মুকুন্দ নাৰাভানে(Manoj Mukund Naravane)ই থলুৱাভাৱে নিৰ্মিত ১২ খন ছৰ্ট স্পান দলং উদ্বোধন কৰে । অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে, ১০ মিটাৰ দৈৰ্ঘ্যৰ ছৰ্ট স্পান দলঙৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় সেনাৰ সামৰ্থ্য বৃদ্ধি কৰিব । তেওঁ জনোৱা মতে, ভাৰতীয় সেনাৰ ওচৰত ৫ মিটাৰ আৰু ১৫ মিটাৰ দৈৰ্ঘ্যৰ দলং আছিল ।

সেয়ে সেনাক ১০ মিটাৰ দৈৰ্ঘ্যৰ ছৰ্ট স্পান দলঙৰ প্ৰয়োজন আছিল । ছৰ্ট স্পান দলঙে দুৰ্গম অঞ্চলতো অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াত সহায় কৰাৰ লগতে সেনাৰ অভিযানৰ গতি বৃদ্ধি সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে । মনোজ মুকুন্দ নাৰাভানেই লগতে কয় যে, ১০ মিটাৰ ছৰ্ট স্পান দলং হৈছে আত্মনিৰভৰ ভাৰতৰ দিশে এক সফল খোজ । এই দলংখন সম্পূৰ্ণৰূপে ভাৰততে নিৰ্মাণ কৰা হৈছে ।

ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)ই আৰু দলংবোৰ নিৰ্মাণ কৰি উলিয়াইছে লাৰ্চেন এণ্ড টৌব্ৰো (Larsen and Toubro)ই । এই দলংখনে সেনাৰ সামৰ্থ বৃদ্ধি কৰিব বুলি সেনাপ্ৰধানগৰাকীয়ে মন্তব্য কৰে । দলঙৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ডি আৰ ডিঅ' (DRDO)ৰ মুৰব্বী ড০ জি সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰে যে, লাৰ্চেন এণ্ড টৌব্ৰো (Larsen and Toubro)ই আগষ্ট মাহৰ ভিতৰত ৩০ খন এনে দলং সেনা বাহিনীক যোগান ধৰিব ।

কম সময়ৰ ভিতৰতে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ড০ জি সতীশ ৰেড্ডীয়ে লাৰ্চেন এণ্ড টৌব্ৰোক ধন্যবাদ জনায় । প্ৰতিৰক্ষা খণ্ডত 'মেক ইন ইণ্ডিয়া' (Make In India)ৰ এক অংশ হিচাপে ভাৰতীয় সেনাক শুকুৰবাৰে প্ৰথম পৰ্যায়ত স্বদেশীভাৱে নিৰ্মিত ১২ খন ছৰ্ট স্পান দলং প্ৰদান কৰা হয় । শুকুৰবাৰে দিল্লী কেণ্টনমেণ্টৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত সেনাপ্ৰধান নাৰাভানেই সেনাৰ অভিযন্ত্ৰাসকলক দলংবোৰ অৰ্পণ কৰে । এই দলংবোৰৰ মূল্য ৪৯২ কোটি টকাৰো অধিক । পানীৰ সোঁতে বাধাৰ সৃষ্টি কৰিলেও ৭০ টন পৰ্যন্ত ওজনৰ টেংক এই দলংসমূহৰ ওপৰেৰে যাব পাৰিব ।

লগতে পঢ়ক:তীৰথ সিঙ ৰাৱটে হেৰুৱাব লাগিব নেকি মুখ্যমন্ত্ৰীৰ গাদী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.