নেশ্যনেল ডেস্ক, 4 মাৰ্চ: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ CBIৰ জিম্মাৰ ম্যাদ পুনৰ 2 দিনৰ বাবে বৃদ্ধি ৷ 10 মাৰ্চলৈকে জামিল লাভ নকৰিব মনীষ চিছোদিয়াই ৷ 10 মাৰ্চত আদালতে গ্ৰহণ কৰিব মনীষ চিছোদিয়াৰ জামিন আবেদন শুনানি ৷ 27 ফেব্ৰুৱাৰীত CBIয়ে পাঁচ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল চিছোদিয়াক ৷ ম্যাদ শেষ হোৱাৰ পাচতেই আদালতত হাজিৰ কৰোৱাই পুনৰ দুদিনৰ বাবে জিম্মাত লয় CBIয়ে (Manish Sisodia in CBI Remand) ৷
উল্লেখ্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত 26 ফেব্ৰুৱাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক (Delhi excise policy case) ৷ শনিবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চিছোদিয়াক হাজিৰ কৰোৱা হয় আদালতত ৷ মনীষ চিছোদিয়াক চিবিআইয়ে আৰু অধিক দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও মাত্ৰ দুদিনৰ বাবেহে অনুমতি প্ৰদান কৰিলে আদালতে ৷ অধিবক্তা মোহিত মাথুৰে চিছোদিয়াৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি জামিন বিচাৰিছিল যদিও 10 মাৰ্চত আবেদৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে আদালতে (Manish Sisodia remand extended) ৷
ইফালে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আদালতত কয়, ‘‘চিছোদিয়াই তদন্তত ভালদৰে সহযোগিতা কৰা নাই ৷ আমি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এতিয়াও অধিক প্ৰমাণ লাভ কৰা নাই ৷’’ যাৰবাবে 6 মাৰ্চলৈকে CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হয় দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Manish Sisodia news update) ৷
স্মৰ্তব্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰী সন্দৰ্ভত 2022 চনৰ 17 আগষ্টত মনীষ চিছোদিয়াক অভিযুক্ত বুলি ঘোষণা কৰে CBI য়ে ৷ বিগত বৰ্ষৰ 19 আগষ্টত চিছোদিয়াৰ চৰকাৰী আবাসত অভিযান চলাই CBI য়ে ৷ 17 অক্টোবৰত চিছোদিয়াক 9 ঘণ্টাৰ বাবে CBIয়ে সোধা-পোচা কৰে ৷ চলিত বৰ্ষৰ 19 ফেব্ৰুৱাৰীত CBIয়ে পুনৰ চিছোদিয়াক সোধা-পোচাৰ বাবে মাতে যদিও চিছোদিয়াই অধিক সময় বিচাৰে ৷ অৱশেষত 26 ফেব্ৰুৱাৰীত CBIয়ে চিছোদিয়াক জেৰা চলাই গ্ৰেপ্তাৰ কৰে (Manish Sisodia in CBI custody) ৷
মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি আম আদমী পাৰ্টীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিজেপি চৰকাৰে চিছোদিয়াক আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে ৷ অৱশ্যে এতিয়া CBIৰ নিৰপেক্ষ তদন্তৰ পাচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা (Delhi liquor scam update) ৷
লগতে পঢ়ক: Rise of BJP : কংগ্ৰেছী তথা আঞ্চলিক দলৰ নেতাৰ কান্ধত উঠি কেনেকৈ উত্তৰ-পূবত খোপনি ল’লে বিজেপিয়ে ?