ETV Bharat / bharat

Manish Sisodia letter to PM Modi : কাৰাগাৰৰ পৰাই প্ৰধানমন্ত্ৰীলৈ চিঠি মনীষ চিছোদিয়াৰ

author img

By

Published : Apr 7, 2023, 1:48 PM IST

তিহাৰ জেলৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে দিল্লীৰ প্রাক্তন শিক্ষামন্ত্রী মনীষ চিছোদিয়াই ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে টুইটাৰত শ্বেয়াৰ কৰে উক্ত পত্ৰখন (Manish Sisodia wrote letter from tihar jail delhi ) ৷

Manish Sisodia wrote letter from tihar jail delhi
নৰেন্দ্র মোডীলৈ পত্ৰ প্ৰেৰণ দিল্লীৰ প্রাক্তন শিক্ষামন্ত্রী মনীষ চিছোদিয়াৰ

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : কাৰাগাৰৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে দিল্লীৰ প্রাক্তন শিক্ষামন্ত্রী মনীষ চিছোদিয়াই ৷ ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন মুকলি চিঠিৰ যোগেদি প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সমগ্ৰ দেশবাসীকে সম্বোধন কৰি তিহাৰ কাৰাগাৰৰ পৰা এই চিঠিখন প্ৰেৰণ কৰে (Manish Sisodia wrote letter from tihar jail delhi )।

চিছোদিয়াই তেওঁৰ পত্ৰত একবিংশ শতিকাত বিশ্বই বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দোপত-দোপে আগবঢ়াৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নলাৰ পৰা ওলোৱা গেছত চাহ আৰু জলপান প্ৰস্তুত কৰিব পাৰি বুলি পৰামৰ্শ দিয়া শুনা গৈছিল বুলি প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে ৷ বালাকোট বিমান আক্ৰমণৰ পিচত টেলিভিছন চেনেলত দিয়া মন্তব্যৰ কথাও চিছোদিয়াই পত্ৰৰ যোগেদি সোঁৱৰাই দিয়ে ৷ ডাৱৰীয়া দিনত ৰাডাৰে বিমান দেখা নাপাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা কথাষাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী প্ৰতিজন দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ ওচৰতো হাঁহিৰ পাত্ৰ হৈ পৰিব বুলি চিঠিত উল্লেখ কৰে (Manish Sisodia wrote letter to PM Modi)।

Manish Sisodia wrote letter to PM Modi

প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতা বহুসময়ত দেশখনৰ বাবে ক্ষতিকাৰক হৈ পৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া বিদেশী প্ৰতিনিধিৰ সৈতে বৈঠকৰ অন্তত চুক্তি স্বাক্ষৰ কৰে অথবা কেতিয়াবা আন দেশৰ ৰাষ্ট্ৰপতিসকলক ‘আলিংগন’ কৰে বুলি উল্লেখ কৰে । তেওঁলোকৰ প্ৰভাৱ প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজি নাপায় বুলি চিঠিত উল্লেখ কৰে চিছোদিয়াই । চিছোদিয়াই চিঠিখনত পুনৰ উল্লেখ কৰে যে আজিৰ যুৱ প্ৰজন্ম হ’ল উচ্চাকাংশী আৰু তেওঁলোকে উদ্ভাৱনী শক্তি খটুৱাই কাম কৰিব বিচাৰে । কম শিক্ষিত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰিবনে বুলিও চিঠিৰ যোগেদি প্ৰশ্ন উত্থাপন কৰে দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে (Delhi liquor scam case) ।

চিছোদিয়াই লগতে উল্লেখ কৰে যে দেশৰ জনসংখ্যা বৃদ্ধি পালেও যোৱা কিছু বছৰত সমগ্ৰ দেশতে ৬০ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে । চৰকাৰী বিদ্যালয়ৰ মানদণ্ড উন্নত হ’লেহে অভিভাৱকসকলে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ পঠিয়াবলৈ অনুপ্ৰাণিত হ’ব । দিল্লীৰ ক্ষেত্ৰত এই কথা প্ৰমাণিত হৈছে বুলিও দাবী কৰে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গাঁৱৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাত গৌৰৱ অনুভৱ কৰাৰ এটা ভিডিঅ’ৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰীজনে কম শিক্ষিত হোৱাটো গৌৰৱৰ বিষয় বুলি ভাবে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ?

এইবোৰ কাৰণতেই শেহতীয়া বছৰবোৰত ৮০ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ গ’ল বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্রশ্ন উত্থাপন কৰে ৷ যিখন দেশত সৰু ফাৰ্মৰ মেনেজাৰ হ’বলৈ শিক্ষিত হ’ব লাগে, সেইখন দেশত দেশৰ ‘মেনেজাৰ’জনো শিক্ষিত হোৱাটো বাঞ্চনীয় বুলি চিছোদিয়াই যুক্তি দাঙি ধৰে । উল্লেখ্য যে, চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত এতিয়া বাতিল হোৱা দিল্লী সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । শেহতীয়াকৈ গুজৰাটৰ এখন আদালতে অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক প্ৰমাণ পত্ৰ বিচৰাৰ পিচত জৰিমনা বিহা পৰিলক্ষিত হৈছিল (Manish Sisodia controversy) ।

সমগ্ৰ দেশবাসীকে সম্বোধন কৰি পত্ৰখন প্ৰেৰণ কৰাৰ পিচত আগন্তুক সময়ত ইতিমধ্যে কাৰাবন্দী অৱস্থাত থকা দিল্লীৰ প্রাক্তন শিক্ষামন্ত্রীগৰাকীৰ বিৰুদ্ধে মোদী তথা কেন্দ্ৰীয় চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যনীয় বিষয় ৷

লগতে পঢ়ক : Pranjal Moran Case Update: প্ৰায় তিনিমাহৰ অন্তত লিডুৰ কয়লাখনিত উদ্ধাৰ নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.