ETV Bharat / bharat

Sisodia in court: চিছোডিয়াক 14 দিনৰ জিম্মাৰ আশা চিবিআইৰ; আপৰ প্ৰতিবাদ অব্যাহত - police detained AAP workers

বিভিন্ন সূত্ৰৰ অনুমান, চিবিআয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীক ১৪ দিনৰ জিম্মা বিচাৰিব (CBI eyeing 14 day custody of Sisodia) । আনহাতে, দেওবাৰৰ দৰে আপ নেতা আৰু কৰ্মীসকলে সোমবাৰেও ছিছোডিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ আৰু অন্যান্য ৰাজ্যত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।

Sisodia in court
চিছোডিয়াক 14 দিনৰ জিম্মাৰ আশা চিবিআইৰ
author img

By

Published : Feb 27, 2023, 6:49 PM IST

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : দেওবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াক বৰ্তমান আদালতত হাজিৰ কৰোৱা হৈছে (Manish Sisodia in court) । দিল্লী আবকাৰী আৰক্ষীৰ 'কেলেংকাৰী'ত চিবিআয়ে কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰাৰ পিচত দেওবাৰে চিছোডিয়াক গ্ৰেপ্তাৰ কৰা হয় (Manish Sisodia arrested by CBI) ।

তেওঁক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছে, য'ত চিবিআয়ে অভিযুক্ত কেলেংকাৰীটোত অধিক সোধা-পোছাৰ বাবে তেওঁৰ জিম্মা বিচাৰিব পাৰে । বিভিন্ন সূত্ৰই আগতীয়া অনুমান কৰা মতে, সংস্থাটোৱে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীক ১৪ দিনৰ জিম্মা বিচাৰিব (CBI eyeing 14 day custody of Sisodia) । আনহাতে, দেওবাৰৰ দৰে আপ নেতা আৰু কৰ্মীসকলে সোমবাৰেও চিছোডিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ আৰু অন্যান্য ৰাজ্যতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (AAP protest continues) । সোমবাৰে পুৱাৰ পৰা দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত নিৰাপত্তা বৃদ্ধি কৰা হয় । কিয়নো আপে বিজেপি কাৰ্যালয়ত প্ৰতিবাদৰ আহ্বান জনাইছিল (Delhi Deputy Chief Minister Manish Sisodia)।

উল্লেখ্য, দেওবাৰে আৰক্ষীয়ে কেইবাজনো আপ কৰ্মীক আটক কৰে (police detained AAP workers) । আনহাতে, দলটোৱে অভিযোগ কৰে যে, আপৰ ৮০ শতাংশ নেতাক দেওবাৰৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰি ৰাখিছে । সেয়ে তেওঁলোকে প্ৰশ্ন কৰে যে কাৰোবাক ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি আটক কৰি ৰাখিব পাৰে নেকি । দেওবাৰে আৰক্ষীয়ে সাংসদ সঞ্জয় সিং আৰু মন্ত্ৰী গোপাল ৰায়কে ধৰি প্ৰায় 50 জন আপৰ নেতাক আটক কৰিছিল ।

দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে চিছোডিয়াক প্ৰায় ৮ ঘণ্টা সোধা-পোছা কৰি থকা চিবিআই কাৰ্যালয়ৰ ওচৰত আপৰ নেতা তথা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে সোমবাৰে দিল্লী আৰক্ষীয়ে কয় যে তেওঁলোকে দেওবাৰে আটক কৰা সকলো আপ নেতাক মুকলি কৰি দিছে । কিন্তু আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ ভৰদ্বাজে কয় যে, আপৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাটো 'অবৈধ' আৰু ইন্দিৰা গান্ধীৰ জৰুৰীকালীন যুগৰ পৰ্যায়লৈকে লৈ গৈছে (Delhi Excise police scam) ।

"কালিৰে পৰা আম আদমী পাৰ্টীয়ে বাৰে বাৰে কৈ আহিছে যে কেৱল মনীষ চিছোডিয়াজীক গ্ৰেপ্তাৰ কৰাই নহয়, দলটোৰ প্ৰায় ৮০ শতাংশ নেতৃত্বক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই বিষয়ে সোধাত কেন্দ্ৰীয় চৰকাৰে কয় যে তেওঁলোকক কেৱল আটক কৰা হৈছে ।" তেওঁ লগতে কয় । "মই জানিব বিচাৰোঁ যে এই আটক এক ঘণ্টা, দুই ঘণ্টা বা তিনি ঘণ্টাৰ হয়নে নহয় । এতিয়া 24 ঘণ্টা হ'ব, আৰক্ষীয়ে ইমান ডাঙৰ নেতাসকলক 24 ঘণ্টাৰ বাবে আটক কৰি ৰাখিব পাৰিবনে ? আইনত তেনে কোনো ব্যৱস্থা নাই ।" তেওঁ কয় ।

লগতে পঢ়ক :AAP Protest at Guwahati : মনীষ ছিচোডিয়াৰ মুক্তিৰ দাবীত বিজেপি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.