ETV Bharat / bharat

Manish Sisodia met his wife : স্বামী মণীষ ছিছোদিয়ালৈ আবেগিক চিঠি পত্নী সীমাৰ - প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়া

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বুধবাৰে 103 দিনৰ অন্তত পত্নী সীমা ছিছোদিয়াক সাক্ষাৎ কৰে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই (Manish Sisodia met his wife) ৷ মণীষ ছিছোদিয়াক কাৰাৰুদ্ধ কৰাৰ পিচতেই অসুস্থ হৈছিল সীমা চিছোদিয়া ৷

Manish Sisodia met his wife after 103 days
স্বামী মণীষ ছিছোদিয়ালৈ আবেগিক চিঠি পত্নী সীমা ছিছোদিয়াৰ
author img

By

Published : Jun 7, 2023, 10:16 PM IST

নিউজ ডেস্ক, 7 জুন: 103 দিনৰ অন্তত স্বামীক লগ পাই আবেগিক হৈ পৰে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ পত্নী সীমা ছিছোদিয়া ৷ স্বামীক সাক্ষাৎ কৰি টুইটাৰত এখন পত্ৰ শ্বেয়াৰ কৰে সীমা ছিছোদিয়াই ৷ চিঠিখনত উল্লেখ কৰে যে, আজি ১০৩ দিনৰ পিচত মই মণীষক লগ পোৱাৰ সুযোগ পাইছিলো (Manish Sisodia met his wife)। মই নাজানো মই, মোৰ স্বামী আৰু পৰিয়ালে আৰু কিমান দিন এনে ষড়যন্ত্ৰৰ সন্মুখীন হ’ব লাগিব (Seema sisodia letter to husband)!

সীমা ছিছোদিয়াই লগতে উল্লেখ কৰে, "আজি ৭ ঘণ্টা ধৰি মই তেওঁ শোৱনি কোঠাৰ দুৱাৰমুখত বহি আছিলো, মই মাথো আপোনাক চাই আছিলো আৰু আপুনি কোৱা সকলো কথা মই শুনি গৈছিলো । সম্ভৱতঃ সেইকাৰণে আপোনালোকে কয় যে ৰাজনীতি লেতেৰা। মোৰ লগতে আমাৰ বহুতো শুভাকাংক্ষীয়ে তেওঁক কৈছিলো সাংবাদিকতা আৰু আন্দোলনলৈ সকলো ঠিকেই আছে , কিন্তু ৰাজনীতিৰ মেৰপাকত নপৰিব (Manish Sisodia met wife after 103 days) ৷ পূৰ্বৰে পৰা ইয়াত আগ্ৰাসন কৰি থকা লোকসকলে আপোনাক কাম কৰিবলৈ নিদিয়ে আৰু আপোনাৰ লগতে পৰিয়ালটোক হাৰাশাস্তি কৰিব। কিন্তু মণীষ অটল আছিল। তেওঁ অৰবিন্দ আৰু কেইবাগৰাকী লোকৰ সৈতে দলটো গঠন কৰিছিল আৰু তেওঁলোকৰ সৈতে কাম কৰিছিল।"

"এই লোকসকলে শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানীৰ বিষয়ে মাত মাতিবলৈ বাধ্য কৰিছিল। আজিও মণীষৰ মুখত আৰু শব্দত পুনৰ একেই জেদ দেখিছিলো ৷ যোৱা ১০৩ দিন ধৰি মজিয়াত শুই আছে মানুহজন। ম’হ,দাঁহ ,পৰুৱা, পোক-পতংগ, গৰম যিয়েই নহওঁক, তেওঁৰ চকুত এতিয়াও মাত্ৰ এটাই সপোন আছে - শিক্ষাৰ জৰিয়তে দেশখনৰ শক্তি বৃদ্ধি কৰা। তেওঁ বাৰে বাৰে কৈছিল যে আমি অৰবিন্দ কেজৰিৱালৰ সৈতে সৎ ৰাজনীতি কৰিব লাগিব। যিমানেই সমস্যা, যড়যন্ত্ৰ নহওঁক কিয়? যোৱা তিনি মাহত, আমি বিশ্বত শিক্ষাৰ ইতিহাস পঢ়িছোঁ। কোনখন দেশৰ কোন নেতাই নিজৰ জেদেৰে শিক্ষাৰ ওপৰত কাম কৰিছিল ৷ তাৰ পিচত সেই দেশখন আজি কলৈ উপনীত হৈছে? জাপান, চীন, ছিংগাপুৰ, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ শিক্ষাত কিমান ভাল আৰু ইয়াত শিক্ষাৰ কি অভাৱ আছে? মোৰ স্বামীক সাক্ষাৎৰ সময়ত আমি এই সম্পৰ্কেও আলোচনা কৰিছিলো ৷"

সীমাই লগতে কয়, "মই গৌৰৱান্বিত যে, মোৰ স্বামী এতিয়াও একে উৎসাহতে নিজৰ সিদ্ধান্তত অটল আছে । অৰবিন্দ আৰু মণীষৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি, তেওঁলোকে ইয়াতেই সুখী হৈছে যে অৰবিন্দৰ এগৰাকী সৈনিক কাৰাৰুদ্ধ হৈ আছে ৷ কিন্তু মই ২০৪৭ চনৰ শিক্ষিত আৰু সমৃদ্ধ ভাৰতৰ সপোন তিহাৰ কাৰাগাৰৰ এটা কোষত দৃঢ়ভাৱে বোৱা অংকুৰণ হোৱা পৰিলক্ষত কৰিছো ৷ সততা আৰু শিক্ষাৰ ৰাজনীতিৰ সপোনে মিছা আৰু ষড়যন্ত্ৰৰ সন্মুখীন হৈও জয় লাভ কৰিব । তোমাক লৈ গৌৰৱান্বিত মণীষ । মই তোমাক ভাল পাওঁ।"

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বুধবাৰে 103 দিনৰ অন্তত পত্নী সীমা ছিছোদিয়াক সাক্ষাৎ কৰে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই ৷ মণীষ ছিছোদিয়াক কাৰাৰুদ্ধ কৰাৰ পিচতেই অসুস্থ হৈছিল সীমা ছিছোদিয়া ৷ এতিয়াৰ পৰা আদালতে মণীষ ছিছোদিয়াক সপ্তাহত এবাৰকৈ তেওঁৰ অসুস্থ পত্নীক কেইঘণ্টামানৰ বাবে লগ কৰিবলৈ অনুমতি দিছে ৷

লগতে পঢ়ক: Degree Controversy of PM Modi : বিশ্ববিদ্যালয়ৰ মানহানি গোচৰ; ১৩ জুনত আদালতত হাজিৰ হ'ব লাগিব কেজৰিৱাল

ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লাভ কৰাৰ পিচতেই পত্নীক লগ কৰিবলৈ মণীষ ছিছোদিয়াই তিহাৰ কাৰাগাৰৰ পৰা নিজ বাসগৃহত উপস্থিত হৈছিল। অৱশ্যে, সেই সময়ত তেওঁৰ পত্নীৰ অৱনতি হোৱা স্বাস্থ্যৰ বাবে, তেওঁক চিকিৎসালয়লৈ লৈ যাব লগা হৈছিল, যাৰ বাবে মণীষ ছিছোদিয়াই তেওঁৰ পত্নীক সাক্ষাৎ কৰিব পৰা নাছিল ৷ পৰৱৰ্তী সময়ত ছিছোদিয়াই পৰিয়ালৰ কিছু সদস্যক লগ কৰিয়েই তিহাৰ কাৰাগাৰলৈ উভতি আহে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.