কাছাৰ, 25 জুলাই : মণিপুৰৰ জুইৰ ফিৰিঙতি বিয়পিছে মিজোৰামলৈ ৷ মিজোৰাম এৰি অসমলৈ ঢাপলি মেলিছে মণিপুৰ শৰণাৰ্থীসকল ৷ এতিয়া মিজোৰামত ভাবুকিৰ সন্মুখীন হৈছে ৰাজ্যখনত আশ্ৰয় লোৱা মেইটেই সম্প্ৰদায়ৰ লোকসকল ৷ মিজোৰামৰ এটা প্ৰাক্তন বিদ্ৰোহী গোটৰ তৰফৰ পৰা মেইটেইসকলক মিজোৰাম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰাৰ পিচতে ৰাজ্যখনৰ মেইটেইসকল শংকিত হৈ পৰিছে ৷ এই ঘোষণাৰ পিচতে ৰাজধানী আইজলত মেইটেই জনগোষ্ঠীৰ লোকসকলৰ বাবে নিৰাপত্তা বৃদ্ধি কৰা হৈছে যদিও প্ৰাণৰ মমতাত মিজোৰাম এৰিছে একাংশ লোকে ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠন এম এন এফ ৰিটাৰ্ণীজ এছ’চিয়েশ্যনে (পামৰা) এক বিবৃতিৰ প্ৰকাশ হৈছিল ৷
কাছাৰত প্ৰৱেশ কৰা মণিপুৰীসকলে জনোৱা মতে, মিজোৰামৰ আইজল, লুংলে, লুংটলাই, চাইহা আদি ঠাইৰ পৰা মণিপুৰীসকলক কঢ়িয়াই অনা প্ৰায় 50 খন চুমো বাহন কাছাৰ-হাইলাকান্দিত প্ৰৱেশ কৰে ৷ তেওঁলোকে কয় যে, মিজোৰাম চৰকাৰে তেওঁলোকক সুৰক্ষা দিয়াৰ পাচতো বৰ্তমানৰ পৰিস্থিতি আৰু যি হাৰত ভাবুকি দিয়া হৈছে সেই লৈ তেওঁলোকে আৰু মিজোৰামত থাকিব নোৱাৰে ৷ বহু মণিপুৰী ছাত্ৰ-ছাত্ৰীও ইতিমধ্যে মিজোৰাম এৰিবলৈ বাধ্য হৈছিল ৷
পামৰাই বিবৃতিত উল্লেখ কৰিছিল যে, যদি মিজোৰামত মেইটেই সম্প্ৰদায়ৰ মানুহৰ সৈতে কোনো ধৰণৰ হিংসা কাৰ্য সংঘটিত হয়, তেন্তে তাৰ বাবে তেওঁলোক নিজেই দায়ী হ’ব ৷ মিজোৰামৰ পৰিস্থিতি উত্তেজিত হৈ পৰিছে । মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ বাবে মিজোৰামত বসবাস কৰাটো এতিয়া নিৰাপদ নহয় । মিজোৰামৰ সকলো মেইটেইক সুৰক্ষাৰ ব্যৱস্থা হিচাবে নিজৰ গৃহ ৰাজ্যলৈ উভতি যাবলৈ পামৰাৰ আহ্বান । এই ভাবুকি চৰ্চালৈ অহাৰ পিচত মিজোৰামত বাস কৰা মেইটেই লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: Threat to Meitei community: মিজোৰ কল্যাণৰ বাবে মেইটেয়ে ত্যাগ কৰক মিজোৰাম; পামৰাৰ নিৰ্দেশ