ETV Bharat / bharat

Manipur Viral Video Case : ভুক্তভোগীৰ বিবৃতি গ্ৰহণৰ পূৰ্বে শুনানিৰ ফলাফলৰ বাবে অপেক্ষা কৰক; চিবিআইলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ - CBI probe in Manipur viral video case

উচ্চতম ন্যায়ালয়ে চিবিআইক ভাইৰেল ভিডিঅ' গোচৰত ভুক্তভোগী মণিপুৰী মহিলাকেইগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰাৰ পূৰ্বে দিনটোৰ শেষৰফালে নিৰ্ধাৰণ কৰা আদালতৰ শুনানিৰ ফলাফলৰ বাবে অপেক্ষা কৰিবলৈ কৈছে ।

Manipur Viral Video Case
Manipur Viral Video Case
author img

By

Published : Aug 1, 2023, 2:57 PM IST

নিউজ ডেস্ক, ১ আগষ্ট : উচ্চতম ন্যায়ালয়ে মঙলবাৰে চিবিআইক ভাইৰেল ভিডিঅ' গোচৰত ভুক্তভোগী মণিপুৰী মহিলাকেইগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰাৰ বাবে অপেক্ষা কৰাৰ নিৰ্দেশ দিছে । দিনটোৰ শেষৰফালে নিৰ্ধাৰণ কৰা আদালতৰ শুনানিৰ ফলাফলৰ পিছত এই কাৰ্য কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

অধিবক্তা নিজাম পাছাই ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এক বিচাৰপীঠক জনাইছে যে চিবিআয়ে দুপৰীয়াৰ ভিতৰত ভুক্তভোগীসকলৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ ওলাইছে । কিন্তু তেওঁলোকে মঙলবাৰে বিষয়টোৰ শুনানিৰ বাবে অপেক্ষা কৰা উচিত ।

মুখ্য ন্যায়াধীশে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলক অপেক্ষা কৰাৰ কথা ক'বলৈ কয় । কিয়নো আদালতে মঙলবাৰে দুপৰীয়া ২ বজাত বিষয়টো শুনানিৰ বাবে গ্ৰহণ কৰাৰ কথা আছে । মেহতাই কয় যে তেওঁ চিবিআইৰ বিষয়াসকলক অৱগত কৰিব । লগতে কয় যে তেওঁলোক নিশ্চয় সৎ বিশ্বাসেৰে আগবাঢ়িছে ।

উল্লেখ্য, সোমবাৰে শীৰ্ষ আদালতে ভুক্তভোগীসকলৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ এক পেনেল গঠন কৰাৰ ইংগিত দিছিল আৰু লগতে এক বিশেষ অনুসন্ধান দল (এছআইটি) গঠনৰ বাবে আবেদন কৰাৰ কথা বিবেচনা কৰিছিল ।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰি অধিবক্তাক প্ৰশ্ন কৰে যে মণিপুৰ আৰক্ষীয়ে সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনত মহিলাসকলক উলংগ কৰি যৌন নিৰ্যাতন কৰাৰ সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ কিয় ১৪ দিন সময় লৈছিল । মুখ্য ন্যায়াধীশে কয় যে এই ঘটনা নিৰ্ভয়া গোচৰৰ দৰে নহয়, কিন্তু 'ইয়াত আমি সাম্প্ৰদায়িক বা জাতিগত বিবাদৰ সময়ত সংঘটিত হৈ থকা প্ৰণালীবদ্ধ হিংসাত্মক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰি আছোঁ' ।

ভুক্তভোগীসকলে তেওঁলোকৰ আবেদনত তেওঁলোকৰ পৰিচয় সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে আৰু এজন আইজি পদবীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এক স্বতন্ত্ৰ এছআইটিৰ নেতৃত্বত তদন্ত বিচাৰিছে । লগতে ৰাজ্যৰ বাহিৰলৈ বিচাৰ স্থানান্তৰ কৰিব বিচাৰিছে ।

লগতে পঢ়ক :Manipur Women naked protest :'কেৱল এজাহাৰ পঞ্জীয়ন কৰিবলৈ 14 দিন কিয় লাগিছিল?'- উচ্চতম ন্যায়ালয়ৰ কঠোৰ মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.