ETV Bharat / bharat

Manipur violence: গীতা মিট্টলৰ কমিটিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে প্ৰতিবেদন - উচ্চতম ন্যায়ালয়

মণিপুৰৰ মহিলাৰ ওপৰত হোৱা নৃশংসতাৰ গোচৰৰ তদন্তৰ বাবে 7 আগষ্টত উচ্চতম ন্যায়ালয়ে এখন তিনিজনীয়া কমিটী গঠন কৰি দিছিল ৷ আদালতে চিবিআই তদন্তৰ তদাৰক কৰাৰ বাবে মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক তথা আইপিএছ দত্তত্ৰেয় পদছালগীকাৰক নিযুক্তি দিছিল ৷ এই কমিটিয়ে আজি উচ্চতম ন্যায়ালয়ত দাখিল কৰে তদন্তৰ প্ৰতিবেদন ৷

Manipur violence
গীতা মিট্টলৰ কমিটিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে প্ৰতিবেদন
author img

By

Published : Aug 21, 2023, 10:28 PM IST

নিউজ ডেস্ক, ২১ আগষ্ট: মণিপুৰত জাতিগত হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম চোৱাচিতা কৰিবলৈ প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টলৰ নেতৃত্বত গঠন কৰা কমিটীয়ে সোমবাৰে উচ্চতম ন্যায়ালয়ত তিনিখন প্ৰতিবেদন দাখিল কৰে ৷ এই প্ৰতিবেদনত পৰিচয় পত্ৰ পুনৰ প্ৰস্তুত কৰা আৰু ক্ষতিপূৰণ আঁচনিৰ প্ৰয়োজনীয় সালসলনি কৰাৰ কথা উল্লেখ কৰা হয় ৷

উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন তিনিখনৰ শুনানী গ্ৰহণ কৰি প্ৰাক্তন ন্যায়াধীশ মিট্টালৰ কমিটীৰ কাম-কাজ আৰু প্ৰশাসনিক প্ৰয়োজনীয়তা, প্ৰশাসনিক আৰু অন্যান্য খৰচ পূৰণৰ বাবে পুঁজি আৰু ৰাইজে কৰি থকা কামৰ প্ৰয়োজনীয় প্ৰচাৰৰ বাবে এটা ৱেব পৰ্টেল স্থাপন কৰা বিষয়ৰ ওপৰত 25 আগষ্টত 'নিৰ্দিষ্ট প্ৰক্ৰিয়াগত নিৰ্দেশনা' জাৰি কৰি আনুষংগিক বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়া হ‘ব ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ৭ আগষ্টত তিনিগৰাকী প্ৰাক্তন মহিলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰি ভুক্তভোগীসকলৰ বাবে সাহায্য আৰু পুনৰ্বাসনৰ কাম আৰু তেওঁলোকক প্ৰদান কৰিবলগীয়া ক্ষতিপূৰণ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ উপৰিও এই কমিটিখনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক দত্তত্ৰেয় পদছালগীকাৰক অপৰাধমূলক গোচৰৰ তদন্ত নিৰীক্ষণ কৰিবলৈ কোৱা হৈছিল ।

আদালতে এই প্ৰতিবেদনকেইখন কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সহায় কৰা সকলো অধিবক্তাক দিয়া হ’ব । আদালতে লগতে কয় যে, মণিপুৰৰ ভুক্তভোগীৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা বৃন্দা গ্ৰভাৰৰ সমিতিৰ লগত আলোচনা কৰি বৃহস্পতিবাৰে পুৱা ১০ বজাৰ ভিতৰত মণিপুৰৰ মহাধিবক্তাৰ সৈতে সেই সন্দৰ্ভত আলোচনা কৰা হ’ব ।

আদালতে লগতে কয় যে, গঠিত বিশেষজ্ঞ সমিতিখনে তিনিখন প্ৰতিবেদন দাখিল কৰিছে ৷ সেয়া ক্ৰমে

  • মণিপুৰৰ বহু বাসিন্দাই তেওঁলোকৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰ হেৰুৱাইছে আৰু এই নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰা অতি প্ৰয়োজনীয় ৷
  • মণিপুৰৰ ক্ষতিপূৰণ আঁচনিখন ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে (নালছা) প্ৰস্তাৱ কৰা আঁচনিৰ অনুৰূপ কৰিবলৈ সংস্কাৰ কৰাৰ প্ৰয়োজন আছে ।
  • কমিটীৰ কাম-কাজৰ সুবিধাৰ বাবে বিশেষজ্ঞ নিযুক্তিৰ প্ৰস্তাৱ ।

লগতে পঢ়ক: Manipur unrest: মণিপুৰক লৈ মিছা মাতিছে প্ৰধানমন্ত্ৰীয়ে; বিজেপিৰ বিভেদকামী নীতিয়ে মণিপুৰত বিভাজন আনিছে; বৃন্দা কাৰাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.