ETV Bharat / bharat

Manipur violence : নিৰাপত্তাৰক্ষী বাহিনীৰ বিৰুদ্ধে সাধাৰণ জনতাৰ প্ৰতিবাদ, সাংবাদিকসহ 30 গৰাকী আহত

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:43 PM IST

হিংসাৰ অগ্নিয়ে দহিছে মণিপুৰ ৷ বুধবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীয়ে গোলাবর্ষণ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত সাংবাদিকসহ মুঠ ৩০ গৰাকী লোক আহত হয় ৷

Manipur violence : public protests against security forces
নিৰাপত্তাৰক্ষী বাহিনীৰ বিৰুদ্ধে সাধাৰণ জনতাৰ প্ৰতিবাদ

তেজপুৰ, ৬ ছেপ্টেম্বৰ : মণিপুৰত এতিয়াও শাম কটা নাই পৰিস্থিতি ৷ এফালে ৰাজ্য চৰকাৰে মণিপুৰত স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা বুলি ইটোৰ পিচত সিটোকৈ মন্তব্য প্ৰকাশ কৰি থকাৰ সময়তে মণিপুৰৰ কেইবাঠাইতো গুলীচালনা, অগ্নিসংযোগ আৰু নিৰাপত্তাৰক্ষী বাহিনীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ নিৰাপত্তাৰক্ষী বাহিনীয়ে গোলাবর্ষণ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত সাংবাদিকসহ মুঠ ৩০ গৰাকী লোক আহত হয় ৷ আহত সাংবাদিকগৰাকী ৰাষ্ট্ৰীয় সংবাদমাধ্যমত কৰ্মৰত ৷

বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই আৰু টৰবুঙত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষীৰ বেৰিকেড আঁতৰোৱাৰ বাবে ক’ক’মিৰ আহ্বানৰ অংশ হিচাপে পুৱাৰে পৰা কোৱাকটা ৰাজহুৱা খেলপথাৰত দহ হাজাৰতকৈ অধিক লোক সমবেত হয়। হাজাৰ হাজাৰ জনসমাগমে বেৰিকেড ভঙাৰ লক্ষ্যৰে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰে । প্ৰতিবাদকাৰীয়ে ফৌগাকচাও ইখাইৰ ফালে কেইবাটাও বেৰিকেড আঁতৰাই পেলায়।

ফলত নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু মক বোমা নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যোৱা জুলাই মাহৰ পৰা বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ অঞ্চলত চৰকাৰে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী নিয়োগ কৰিছিল ।

বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ অঞ্চলৰ মাজত জনসাধাৰণৰ মাজত অহা যোৱা বন্ধ কৰা হৈছিল ৷ কাৰণ কুকি লোকসকলৰ শ্বহীদসকলক শেষকৃত্য সম্পন্ন কৰাৰ বাবে বহু লোকৰ সমাৱেশ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত আগষ্ট মাহৰ শেষত অৰ্থাৎ বিশেষ বিধানসভা অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক’ক’মিৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হৈছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত নিৰাপত্তাৰক্ষা বাহিনীক নিয়োগ কৰাৰ বাবে স্থানীয় লোকসকলে সন্মতি প্ৰদান কৰা নাছিল ৷

লগতে পঢ়ক: UN experts on Manipur: মণিপুৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ মন্তব্যক নাকচ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.