ETV Bharat / bharat

Violence hit Manipur : মণিপুৰৰ সমস্যাৰ তাৎক্ষণিক সমাধানক লৈ সন্দিহান বিশেষজ্ঞ - মণিপুৰৰ সমস্যাৰ তাৎক্ষণিক সমাধান

মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি সৰ্ন্দভত ২৪ জুনৰ বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক সৰ্বদলীয় বৈঠকত মিলিত হ’ব ৷ মণিপুৰত অস্থিৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰে হ’বলগীয়া এই আলোচনাৰ পৰা ৰাজ্যখনত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে ইটিভি ভাৰতৰ গৌতম দেৱৰয়ে বিশেষজ্ঞসকলে সৈতে মত বিনিময় কৰে।

Etv Bharat
Etv Bharat
author img

By

Published : Jun 23, 2023, 10:15 AM IST

নেশ্যলেল ডেস্ক, ২৩ জুন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক ৷ এই বৈঠকত মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হ’ব ৷ গৃহ মন্ত্ৰালয়ৰ পৰা অহা এক বিবৃতিত প্ৰকাশ পাইছে তথ্য । বিগত মাহত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰি মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছিল ৷ তথ্য অনুসৰি, এই হিংসাত্মক ঘটনাত ১১৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ লগতে প্ৰায় ৪০,০০০ লোকক স্থানান্তৰো হৈছিল ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আয়োজন কৰা এই বৈঠকৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সাহিত্যিক তথা শিক্ষাবিদ প্ৰদীপ ফাঞ্জুবামে কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয় যে এই সভাই মণিপুৰৰ আগন্তুক পৰিস্থিতি নিৰ্ধাৰণ কৰিব ৷

লগতে তেওঁ কয়, "কিন্তু মই নাভাবো যে ইয়াৰ তাৎক্ষণিক সমাধান হ'ব পাৰে । অৱশ্যে সভাত অংশগ্ৰহণকাৰীসকলে ভাল পৰিকল্পনাৰ লৈ আহিব লাগে’’ । তেওঁ আৰু কয় যে বৰ্তমানৰ সংকটে ৰাজ্যখনৰ বহু সম্প্ৰদায়ৰ মাজত বিশেষকৈ ইয়াৰ তিনিটা প্ৰধান জনগোষ্ঠী - নগা, কুকি আৰু মেইটেইৰ মাজৰ সম্পৰ্কৰ অধিক জটিলৰ ফালে গতি কৰিছে ৷

হিংসাত্মক ঘটনাৰ পাচতে ক্ৰমাৎ বেয়াৰ ফালে গতি কৰে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি ৷ ফলত লাখ লাখ লোকে নিজৰ আপোনখন এৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় ৷ আনকি ৰাজ্যখনৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা ৷ বৰ্তমানো ৰাজ্যখনৰ বহু স্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে ৷

মণিপুৰৰ জাতিগত হিংসাৰ তদন্তৰ দায়িত্ব লোৱাৰ সময়তে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ CBI এ যোৱা ৯ জুনত First Information Report পঞ্জীয়ন কৰি বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে ৷ এই SIT ৰ দ্বাৰা সংঘৰ্ষৰ আঁৰৰ সকলো বিষয় পুংখানুপংখভাৱে আলোচনা কৰে ৷

ইয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত তিনিজনীয়া তদন্ত আয়োগ গঠন কৰি হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো বিষয় নিজৰ নিৰীক্ষণত ৰাখে ৷ আনকি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাস আৰু ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আলোকা প্ৰভাকৰে উক্ত তিনিজনীয়া তদন্ত আয়োগক ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আনহাতে, লেখক তথা বিবিচিৰ প্ৰাক্তন সাংবাদিক সুবীৰ ভৌমিকে কয়, ‘‘২৪ জুনৰ বৈঠকত কেন্দ্ৰই কি সিদ্ধান্ত লয় তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ৷ এই ক্ষেত্ৰত দিল্লী আৰু মণিপুৰ চৰকাৰে সকলো বিচাৰ বিবেচনা কৰা উচিত’’ ৷’ চিপিএমৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় সমিতিৰ সদস্য হান্নান মোল্লাই কয়, "মণিপুৰত বিজেপি চৰকাৰ আছে । বিজেপি চৰকাৰ থকাৰ স্বত্বেও আনকি কেন্দ্ৰই এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’ল’’ ।

তেওঁ আৰু কয়, ‘‘প্ৰধানমন্ত্ৰীগৰাকীৰ অনুপস্থিতিত এই সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত এই বৈঠকৰ পৰা কেনেকৈ এটা ফলাফল আশা কৰিব পাৰি ?"

লগতে পঢ়ক : Manipur Violence : সাক্ষাৎ নকৰাকৈয়ে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী; হতাশ মণিপুৰৰ বিৰোধী নেতৃবৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.