ETV Bharat / bharat

Manipur violence:মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মোদীৰ মৌনতাক লৈ প্ৰশ্ন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ - মণিপুৰৰ হিংসাত্মক ঘটনা

‘ভাৰতত মণিপুৰ আছে নে নাই?’ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু আশা কৰিছে যে প্ৰধানমন্ত্ৰীয়ে আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁলোকক সাক্ষাৎ কৰিব ৷

Manipur
মোদীৰ মৌনতাক লৈ প্ৰশ্ন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jun 17, 2023, 7:28 PM IST

নেশ্যনেল ডেস্ক, 17 জুন : মণিপুৰৰ ৰাজনৈতিক দলসমূহৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ বিগত আঠ দিন ধৰি দেশৰ ৰাজধানীত আছেগৈ ৷ মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ আৰু উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি-শৃংখলা ঘূৰাই অনাৰ উপায় বিচাৰি তেওঁলোকে প্ৰধানমন্ত্ৰীক লগ পাব বিচাৰিছে । মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙে শনিবাৰে প্ৰধানমন্ত্ৰীৰ নীৰৱতা আৰু প্ৰতিনিধি দলটোক তেওঁক লগ কৰিবলৈ কিয় অনুমতি দিয়া হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে - ইটিভি ভাৰতৰ পৰা গৌতম দেবৰয়ৰ প্ৰতিবেদন ৷

Manipur violence
মণিপুৰৰ হিংসাই চিন্তাত পেলাইছে সকলোকে

"আমি ইয়াত ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিক লৈ ৰাজনীতি কৰিবলৈ অহা নাই । প্ৰথমে অনুগ্ৰহ কৰি মণিপুৰলৈ শান্তি ঘূৰাই আনক । তাৰ পিচতহে দুয়োটা সম্প্ৰদায়ৰ সৈতে আলোচনা আৰম্ভ হ'ব পাৰে," শনিবাৰে নতুন দিল্লীত সিঙে এইদৰে কয় । সিঙে লগতে কয়, "আমি আশা কৰোঁ যে প্ৰধানমন্ত্ৰীয়ে ২০ জুনত বিদেশ ভ্ৰমণলৈ যোৱাৰ আগতে আমাক সময় দিব" ৷

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ মণিপুৰৰ ১০টা বিৰোধী দলৰ প্ৰতিনিধিয়ে বাট চাই আছে । দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি), এনচিপি, জেডি (ইউ), আপ, শিৱসেনা (ইউবিটি), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক (এআইএফবি), ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টি (আৰএছপি), চিপিএম আৰু চিপিআই ।

"১০ জুনত আমি প্ৰধানমন্ত্ৰীৰ পৰা সময় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিলো, কিন্তু আজিলৈকে আমি প্ৰধানমন্ত্ৰীৰ পৰা সময় পোৱা নাই" ৷ মহিলা আৰু শিশুকে ধৰি ২০ হাজাৰৰো অধিক লোকে মণিপুৰৰ বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈছে য’ত অগ্নিসংযোগ, হত্যা-হিংসা আৰু সংঘৰ্ষৰ নতুন ঘটনাৰ সৈতে পৰিস্থিতি অস্থিৰ হৈ আছে ।

"৪৪ দিনতকৈয়ো অধিক সময় হ’ল, মণিপুৰ এতিয়াও জ্বলি আছে । কিন্তু প্ৰধানমন্ত্ৰীয়ে আনকি এটাও মন্তব্য দিয়া নাই । আমি সুধিবলৈ বাধ্য হৈছো যে মণিপুৰ ভাৰতত আছে নে নাই । প্ৰধানমন্ত্ৰীয়ে আনকি এটা টুইট কৰাটোও জৰুৰী বুলি নাভাবিলে," সিঙে কয় । জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী জয়ৰাম ৰমেশে মণিপুৰৰ হিংসাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি এটাও বিবৃতি জাৰি নকৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰিছিল । তেওঁ মোদীক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে তুলনা কৰিছিল ।

"২০০১ চনৰ ১৮ জুনত নগা শান্তি প্ৰক্ৰিয়াক লৈ মণিপুৰ জ্বলি আছিল । হিংসাত্মক পৰিস্থিতিত কমেও ১৪ জন লোকৰ মৃত্যু হৈছিল । অৱশ্যে পৰৱৰ্তী ছদিনৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ পৰা দলীয় প্ৰতিনিধি দলক সাক্ষাৎ কৰি ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিছিল" ৷ কিন্তু যোৱা আঠ দিন ধৰি মণিপুৰৰ পৰা দহটা দলৰ প্ৰতিনিধি সকলে প্ৰধানমন্ত্ৰীৰ পৰা সময় বিচাৰি আছে আৰু তেওঁলোকে এতিয়াও অপেক্ষা কৰি আছে",ৰমেশে কয় ।

মোদীক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে “য’ত ব্যৰ্থতা থাকে, প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰাটো পছন্দ কৰে”। মণিপুৰৰ পৰা অহা ১০টা দলীয় প্ৰতিনিধি দলে উত্তৰ-পূব ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ৩ মে’ৰ পৰা মণিপুৰত সূত্ৰপাত হোৱা কুকি আৰু মেইটেইৰ মাজত সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষত ইতিমধ্যে ১০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

লগতে পঢ়ক : Manipur Violence : মণিপুৰ বিষয়ত সংসদীয় স্থায়ী সমিতিৰ বৈঠকৰ পোষকতা তৃণমূলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.