ETV Bharat / bharat

Rahul Gandhi Manipur visit : ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ অসন্তুষ্ট মণিপুৰৰ যোগান মন্ত্ৰী - BJP slams Rahul Gandhi

উন্নত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । তাৰ মাজতো ৰাজ্যখনৰ হিংসাক লৈ শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত বাকযুদ্ধ অব্যাহত আছে । ৰাহুল গান্ধীৰ ভ্ৰমণক তীব্ৰ সমালোচনা মণিপুৰৰ বিজেপি নেতা তথা মন্ত্ৰী লিচাংথেম চুচিন্দ্ৰো মেইটেইৰ ।

Rahul Gandhi Manipur visit
ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ অসন্তুষ্ট মণিপুৰৰ যোগান মন্ত্ৰী
author img

By

Published : Jul 2, 2023, 10:42 AM IST

নেশ্যনেল ডেস্ক,২ জুলাই : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰো তেওঁৰ এই ভ্ৰমণক লৈ উদ্বিগ্ন হোৱা দেখা গৈছে । যাৰ বাবে ৰাহুল গান্ধীক বিভিন্ন স্থান পৰিদৰ্শনৰ বাবেও বাধা প্ৰদান কৰিছিল চৰকাৰে । ইয়াৰ মাজতে মণিপুৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী লিচাংথেম চুচিন্দ্ৰো মেইটেইৰ বিস্ফোৰক মন্তব্য ।

ৰাহুল গান্ধীৰ ভ্ৰমণক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুদিনীয়া ভ্ৰমণৰ পাছত মণিপুৰত হিংসা বৃদ্ধি পাইছে । কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে এই হিংসাৰ পৃষ্ঠপোষকতা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে যোৱা কেইদিনমানত ৰাজ্যখনত কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলৰ বাবে চলি থকা হিংসা বৃদ্ধি পাইছে ।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ অভিযোগ কৰা মতে ৰাহুল গান্ধীৰ দ্বাৰা প্ৰৰোচিত হিংসাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ ওলাইছিল । তেওঁ লগতে দাবী কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ সকলো সদস্য আৰু বিধায়কৰ সৈতে আলোচনা কৰাৰ পাছত ৰাহুল গান্ধীৰ দ্বাৰা সংঘটিত হিংসাৰ ফলতে উদ্বিগ্ন হৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল । মুখ্যমন্ত্ৰীয়ে আনকি পদত্যাগপত্ৰও প্ৰস্তুত কৰিছিল ।

চুচিন্দ্ৰোৱে কয় যে ৰাজ্যপালক দুপৰীয়া ১ বজাত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰাৰ কথা আছিল আৰু ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিলেহেঁতেন বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে, হাজাৰ হাজাৰ পুৰুষ-মহিলাই মুখ্যমন্ত্ৰীক পদত্যাগ পত্ৰ প্ৰদান নকৰিবলৈ অনুৰোধ জনাইছিল । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে মণিপুৰৰ ৰাইজে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাটো নিবিচাৰে ।

যোগান মন্ত্ৰীগৰাকীয়ে লগতে কয়, "মণিপুৰৰ ৰাইজে বিশ্বাস কৰে যে মণিপুৰ চৰকাৰে পৰিস্থিতি উন্নত কৰাৰ বাবে নিৰন্তৰ ভাৱে কম কাম কৰি আছে ।" ইফালে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাবে দিল্লীৰ পৰা কোনো ধৰণৰ হেঁচা নাই বুলি স্পষ্ট কৰি তেওঁ কয় যে কুকি আৰু মেইটেই দুয়োটা সম্প্ৰদায়ৰ দ্বাৰা গঠিত চৰকাৰখনে সকলো সম্প্ৰদায়ৰ উন্নয়নৰ বাবে কাম কৰি আছে ।

আনহাতে ৰাহুল গান্ধীয়ে আশ্ৰয় শিবিৰবোৰ পৰিদৰ্শন কৰি তাত লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি দাবী কৰিছে । ৰাহুল গান্ধীৰ এই অভিযোগ নস্যাৎ কৰি যোগান মন্ত্ৰী চুচিন্দ্ৰোৱে কয় যে সাহায্য শিবিৰত ঔষধ আৰু খাদ্যৰ কোনোধৰণৰ সমস্যা নাই । ৰাহুল গান্ধীয়ে মিছা অভিযোগ দি আছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Manipur needs peace: মণিপুৰত শান্তি লাগে; চিত্ৰাংগদাৰ ৰাজ্যত ভৰি থৈ ৰাহুল গান্ধীয়ে ক’লে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.