নিউজ ডেস্ক, ২৬ অক্টোবৰ : ২১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ লিকাবালিৰ ঘন অৰণ্যত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (army helicopter crashed in Arunachal) হোৱাটো প্ৰকৃততে হেলিকপ্টাৰত কাৰিকৰী বিজুতিৰ বাবে সংঘটিত দুৰ্ভাগ্যজনক দুৰ্ঘটনা নহয় । সেয়া হৈছে মণিপুৰৰ দুটা ভয়ংকৰ উগ্ৰপন্থী গোটে চলোৱা এক মাৰাত্মক কূটাঘাতমূলক কাম (Manipur militancy claimed crashed army chopper) ।
মণিপুৰ আৰু নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত সক্ৰিয় দুটা বিদ্ৰোহী গোটে মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট (Manipur Naga Peoples Front, MNPF) আৰু ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে (Revolutionary Peoples Front, RPF) এই আক্ৰমণ কৰা বুলি চাঞ্চল্যকৰ দাবী উত্থাপন হৈছে ।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুয়োটা বিদ্ৰোহী গোটে অঞ্চলটোৰ বিভিন্ন সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । উগ্ৰপন্থী সংগঠন দুটাৰ দাবী, এডভান্সড লাইট (Advanced Light helicopter) হেলিকপ্টাৰখন দুয়োটা গোটৰ যুটীয়া সামৰিক শাখা পিপলছ লিবাৰেচন আৰ্মীৰ সদস্যসকলে মৰ্টাৰ আৰু আৰপিজিৰ সহায়ত এক আক্ৰমণৰ জৰিয়তে ভূপতিত কৰিছিল ।
আনহাতে, দুয়োটা সংগঠনে হেলিকপ্টাৰখনত থকা সকলো সেনা জোৱানক হত্যা কৰাৰ দায়িত্বও স্বীকাৰ কৰিছে । উত্তৰ-পূৰ্বাঞ্চল, জম্মু-কাশ্মীৰ আৰু পঞ্জাবৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ শক্তি) আইন (AFSPA) সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী জনাই এমএনপিএফ আৰু আৰপিএফে অঞ্চলটোত দেশৰ নিৰাপত্তা বাহিনীৰ ওপৰত অধিক আক্ৰমণ চলাব বুলিও ভাবুকি দিছিল । স্থানীয় সংবাদ মাধ্যমে এমএনপিএফ আৰু আৰপিএফৰ দ্বাৰা যুটীয়াভাৱে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিৰ উদ্ধৃতি দি এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ ইয়ং ক্ৰিয়ং অঞ্চলৰ গায়ক গাঁৱৰ পৰা উৰা মৰাৰ পিছতে ২১ আগষ্টৰ পুৱা ১০.৪৩ বজাত ভাৰতীয় সেনাৰ এ এল এইচ (ALH) হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় । উক্ত দুৰ্ঘটনাত হেলিকপ্টাৰৰ পাইলট আৰু দুজন সহ-পাইলটকে ধৰি পাঁচোজন সেনা জোৱান সন্ধানহীন হয় ।
পিছত সেনাৰ উদ্ধাৰকাৰী দলে দুৰ্ঘটনাস্থলীৰ পৰা মেজৰ বিকাশ ভাম্বু, মেজৰ মোস্তাফা বোহেৰা, চিএফএন টেকনিচিয়ান অশ্বিন কেভি, নায়ক ৰোহিতেশ কুমাৰ আৰু হাবিলদাৰ বীৰেশ সিনহাৰ মৃতদেহ উদ্ধাৰ কৰে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি ঘটনাটোক কাৰিকৰী বিজুতিৰ বাবে সংঘটিত এক দুৰ্ঘটনা বুলি বৰ্ণনা কৰে আৰু নিশ্চিত কৰে যে এয়াৰ ট্ৰেফিক কন্ট্ৰোলক হেলিকপ্টাৰৰ পাইলটৰ দ্বাৰা কাৰিকৰী বিজুতিৰ বিষয়ে অৱগত কৰোৱা হৈছিল ।
অৱশ্যে মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট আৰু ৰিভলিউচনৰী পিপলছ ফ্ৰণ্টে যুটীয়াভাৱে অৰুণাচল প্ৰদেশত ২১ অক্টোবৰত সংঘটিত দুৰ্ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত মন্ত্ৰালয়ে এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই ।
উল্লেখ্য, প্ৰায় ২ বছৰ পূৰ্বে ৰিভলিউচনাৰী পিপলছ ফ্ৰণ্টে অসম ৰাইফলছৰ কনভয়ত এক ভয়ংকৰ আক্ৰমণ চলাই মণিপুৰত অসম ৰাইফলছৰ পাঁচজন জোৱানৰ সৈতে এজন কমাণ্ডিং অফিচাৰ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ ৮ বছৰ বয়সৰ একমাত্ৰ পুত্ৰক হত্যা কৰিছিল ।
লগতে পঢ়ক :PM Narendra Modi : ইনাডু গ্ৰুপৰ প্ৰতিনিধিৰ প্ৰধানমন্ত্ৰীৰে বৈঠক