ETV Bharat / bharat

"Manipur is our jigar ka tukda": অতি শীঘ্ৰেই কলিজাৰ টুকুৰাত লগা হিংসাৰ জুই নিৰ্বাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ - PM modi Lok sabha speech on Manipur

বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্যৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক কলিজাৰ টুকুৰা আখ্যা দিয়ে ৷ লগতে মণিপুৰত জ্বলি থকা হিংসাৰ জুই অতি সোনকালে নিৰ্বাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ ৷

PM Modi on Manipur violence
Manipur is our jigar ka tukda
author img

By

Published : Aug 11, 2023, 8:20 AM IST

নিউজ ডেস্ক, 11 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হিংসাই আৱৰি ৰখা মণিপুৰক নিজৰ কলিজাৰ টুকুৰা (Jigar Ka Tukda) বুলি অভিহিত কৰি কয় যে অতি সোনকালে প্ৰগতিৰ পথত আগবাঢ়িব পৰা উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ’ব ।

"উত্তৰ-পূব আমাৰ 'জিগৰ কা টুকড়া' । মণিপুৰৰ সমস্যাসমূহ এনেদৰে উপস্থাপন কৰা হৈছে যেন এয়া অতি শেহতীয়াভাৱেহে পৰা আৰম্ভ হৈছে ।" সংঘাতপূৰ্ণ উত্তৰ-পূবৰ ৰাজ্যখনৰ জনসাধাৰণক তেওঁ আশ্বাস দিয়ে যে, অতি সোনকালে শান্তি ঘূৰি আহিব ৷ কাৰণ চৰকাৰে অভিযুক্তক শাস্তি প্ৰদানৰ বাবে সকলোধৰণৰ চেষ্টা চলাইছে ।

“দেশ আপোনাৰ লগত আছে; এই সংসদ আপোনালোকৰ লগত আছে । আমি একেলগে এই প্ৰত্যাহ্বানৰ সমাধানৰ উপায় বিচাৰিম, অতি সোনকালে পুনৰ শান্তি প্ৰতিষ্ঠা হ’ব । মই মণিপুৰবাসীক আশ্বাস দিছো যে, ৰাজ্যখনে পুনৰ প্ৰগতিৰ সাক্ষী হ’ব ।’ এই মন্তব্য মোদীৰ ।

লগতে প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ জনসাধাৰণৰ আস্থা লাভৰ বাবে সকলো বিৰোধী দলকে সামূহিক প্ৰচেষ্টাত জড়িত হ’বলৈ আহ্বান জনাই আৰু উত্তৰ-পূব ৰাজ্যখনৰ এনে পৰিস্থিতিৰ ৰাজনৈতিক লাভালাভ অন্বেষণ নকৰিবলৈ কয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মণিপুৰত শান্তি ঘূৰাই অনা আৰু তাত স্বাভাৱিক পৰিস্থিতি সৃষ্টি কৰিবলৈ বিৰোধীক ‘একেলগে কাম’ কৰিবলৈ কয় ।

"মই সংসদৰ সাংসদসকলক এই সময়ৰ মূল্য বুজিবলৈ অনুৰোধ কৰিব বিচাৰিছোঁ । আহক আৰু একেলগে আগবাঢ়ি যাওক । এই দেশত আগতেও অধিক গুৰুতৰ ঘটনা হৈ আহিছে, কিন্তু আমি একেলগে কাম কৰাৰ উপায় বিচাৰি পালোঁ । আহক আমি একত্ৰিত হওঁ । মণিপুৰৰ মানুহক আত্মবিশ্বাসেৰে আগুৱাই লৈ যাওক । ৰাজনীতি কৰাৰ বাবে মণিপুৰৰ সুবিধা নল’ব । মণিপুৰত যি হৈছে সেয়া দুৰ্ভাগ্যজনক । তেওঁলোকৰ যন্ত্ৰণা বুজক আৰু ইয়াক নিৰাময়ৰ বাবে কাম কৰক । এইটোৱেই আমাৰ একমাত্ৰ উপায় হ’ব লাগে ।’’ এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ ওপৰত প্ৰদান কৰা নিজৰ ভাষণ সামৰণি মাৰে ৷

লগতে পঢ়ক: Take people of Manipur in confidence: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে বিৰোধীক আগুৱাই অহাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

তেওঁ আৰু কয় যে, মণিপুৰত মহিলাৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ সংঘটিত হৈছিল আৰু সেয়া ক্ষমা কৰিব নোৱাৰা । ‘‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দোষীক কঠোৰতম শাস্তি নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে । মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে, শান্তি পুনৰুদ্ধাৰ হ’ব আৰু মণিপুৰ নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি যাব ।’’ তেওঁ লগতে কয় ।

অনাস্থা প্ৰস্তাৱৰ বিতর্কৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “যদি প্ৰস্তাৱ উত্থাপন নহ’লহেঁতেন, আমি (চৰকাৰে) ইমানখিনি কথা ক’ব নোৱাৰিলোঁহেঁতেন ৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সময়ত ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্সৰ সাংসদ সকলে সদন ত্যাগ কৰে ৷ কিন্তু লোকসভাত এই অনাস্থা প্ৰস্তাৱৰ পৰাজয় হয়৷ লোকসভাত ধ্বনি ভোটেৰে অনাস্থা প্ৰস্তাৱক অতি সহজেই পৰাস্ত কৰিলে এন ডি এয়ে ৷

এই প্ৰস্তাৱৰ তিনিদিনত মণিপুৰৰ হিংসা আৰু অন্যান্য গুৰুতৰ বিষয়ক লৈ শাসক আৰু বিৰোধী মিত্ৰজোঁটৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হয় ৷ বিৰোধীয়ে ২৬ জুলাইত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল যিটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰিছিল ৷

উল্লেখযোগ্য যে, ৫০ জন সহকৰ্মীৰ সমৰ্থন থকা যিকোনো লোকসভা সাংসদে যিকোনো সময়তে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে । তাৰ পিছত এই প্ৰস্তাৱৰ ওপৰত আলোচনা হয় । এই প্ৰস্তাৱ সমৰ্থন কৰা সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে অভিযোগ সমূহ দাঙি ধৰে আৰু ট্ৰেজাৰী বেঞ্চসমূহে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ প্ৰতি সঁহাৰি জনায় । শেষত ভোটদান হয় আৰু যদিহে প্ৰস্তাৱটো সফল হয় তেন্তে চৰকাৰে হাৰ মানিবলৈ বাধ্য হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.