ETV Bharat / bharat

Manipur Election 2022 Updates: বিজেপিৰ 25 আৰু কংগ্ৰেছৰ 11 খন আসনত অগ্ৰগতি

author img

By

Published : Mar 10, 2022, 9:38 AM IST

Updated : Mar 10, 2022, 11:38 AM IST

বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে মণিপুৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা (Manipur election result) ৷ ৬০ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷

Manipur general election live updates
Manipur general election live updates

নিউজ ডেস্ক, 10 মাৰ্চ : বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা (Five state election counting) ৷ উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা ৷

মণিপুৰত 25 খন আসনত বিজেপিয়ে আৰু 11 খন আসনত কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰিছে (Manipur election results)৷ NPP দলে 13 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে অন্যান্যই 8 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ জে ডি ইউ দলে 3 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ মণিপুৰৰ মুঠ আসনৰ সংখ্যা হৈছে 60 খন ৷ একক সংখ্যা গৰিষ্ঠতা লাভৰ বাবে যিকোনো এটা দলক প্ৰয়োজন হ’ব 31 খন আসনৰ ৷

ইতিমধ্যে বিভিন্ন এগজিট প’লে বিজেপি দলে মণিপুৰৰ মচনদ দখল কৰিব বুলি সমীক্ষা আগবঢ়াইছে ৷ প্ৰায় কেইটা এগজিট প’লতে বিজেপিয়ে 23 ৰ পৰা 40 ভিতৰত আসন লাভ কৰিব বুলি কোৱা হৈছে ৷

লগতে পঢ়ক : UP Election Results 2022 : কি হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ?

Last Updated : Mar 10, 2022, 11:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.