নিউজ ডেস্ক, 10 মাৰ্চ : পুৱা 8 বজাৰ লগে লগে মণিপুৰত আৰম্ভ হ’ল ভোটগণনা (Manipur Election Results 2022) ৷ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ৬০ টা সমষ্টিৰ মণিপুৰ বিধানসভাৰ নিৰ্বাচনত ক’ত কাৰ ভাগ্য নিৰ্ণয় হ'ব ? কোনে মাৰিব শাষ হাঁহি ?
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন এগজিট প’লৰ সমীক্ষা মতে, গেৰুৱা দলটোৱেই 2022 ত মণিপুৰত চৰকাৰ গঠন কৰিব (Exit poll on Manipur election) ৷ কিন্তু আনফালে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ আশাবাদী হৈ আছে কংগ্ৰেছ দল ৷
মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰকৃততে মূল ৰাজনৈতিক যুঁজখন হৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজত ৷ কিন্তু যদি কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া নেশ্যনেল পিপলচ পাৰ্টী, নাগা পিপলচ ফ্ৰন্ট আৰু জে ডি(ইউ) দল হৈ পৰিব পাৰে বিশেষ গুৰুত্বপূৰ্ণ ৷
লগতে পঢ়ক : পৌৰ নিৰ্বাচনৰ দুটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ জয় : অৰবিন্দ কেজৰিৱালৰ শুভেচ্ছা