ETV Bharat / bharat

সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি মণিপুৰত উপস্থিত মুখ্যমন্ত্ৰী এন বীৰেন সিং

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 1:25 PM IST

মণিপুৰৰ প্ৰধান সশস্ত্ৰ বিদ্ৰোহী গোট UNLFয়ে বুধবাৰে চৰকাৰৰ সৈতে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে ৷ UNLFৰ লগত শান্তি চুক্তি স্বাক্ষৰৰ পাচত বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ মুখ্যমন্ত্ৰী সিঙে ইম্ফল বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই তেওঁক ৰাজ্যখনত উষ্ম আদৰণি জনোৱা হয় ।

UNLF signs peace pact with Manipur Govt
সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি মণিপুৰত উপস্থিত মুখ্যমন্ত্ৰী এন বীৰেন সিং

তেজপুৰ, ২ ডিচেম্বৰ: হিংসা জৰ্জৰিত মণিপুৰত অৱশেষত শান্তিৰ ৰেঙণি । মণিপুৰৰ প্ৰধান সশস্ত্ৰ বিদ্ৰোহী গোট ইউনাইটেড নেচনেল লিবাৰেশ্যন ফ্ৰণ্ট, চমুকৈ ইউ এন এল এফৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি শুকুৰবাৰে বিয়লি ইম্ফলত উপস্থিত হয় মুখ্যমন্ত্ৰী এন বীৰেন সিং ৷ মুখ্যমন্ত্ৰী সিঙে ইম্ফল বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই তেওঁক উষ্ম আদৰণি জনোৱা হয় । জানিবলৈ পৰা মতে এই শান্তি চুক্তি স্বাক্ষৰৰ পিচত ইয়াৰ আনুষ্ঠানিক উদযাপনৰ বাবে এতিয়া মণিপুৰ চৰকাৰ সম্পূৰ্ণ সাজু হৈছে ।

  • I extend my heartfelt gratitude to the dedicated Karyakartas of the BJP for the warm reception at Thambal Sanglen, Imphal.

    The positive momentum generated by the peace talks with UNLF instills confidence in the path ahead. The support of the people is invaluable in shaping the… pic.twitter.com/u0RNGfuoDL

    — N.Biren Singh (@NBirenSingh) December 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, মণিপুৰৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ বাবে ভয়ংকৰ সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী এন বীৰেন সিং । কুকি আৰু জো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনজাতীয় সংগঠনসমূহে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি তেওঁৰ সৈতে আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ১০ গৰাকী কুকি বিধায়ক আঁতৰি আহিছিল । ইফালে ১৯৬৪ চনৰ ২৪ নৱেম্বৰত গঠন হোৱা ইউ এন এল এফ হৈছে মণিপুৰৰ উপত্যকাভিত্তিক বিদ্ৰোহী গোট ৷ ৰাজ্যখনৰ নগা প্ৰধান আৰু কুকি-জোমি প্ৰধান পাহাৰ অঞ্চলত সক্ৰিয় এই বিদ্ৰোহী গোট ।

শুকুৰবাৰে বিয়লি আদৰণি অনুষ্ঠানত ভাষণ দি সিঙে নতুন দিল্লীত শান্তি আলোচনাৰ পিচত সহযোগী, মন্ত্ৰী-বিধায়কসকলে উষ্ম আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । সফল শান্তি আলোচনাই মণিপুৰৰ এক সুন্দৰ ভৱিষ্যতৰ বাবে সামূহিক দায়বদ্ধতাক প্ৰতিফলিত কৰে বুলি মন্তব্য কৰি তেওঁ স্থায়ী শান্তি আৰু প্ৰগতিৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, ৰাজ্যখনত চলি থকা বিভিন্ন প্ৰত্যাহ্বান আৰু বিৰোধীৰ ভিন্ন মতামতৰ মাজতে শান্তি আলোচনাৰ ইতিবাচক ফলাফল মণিপুৰৰ বাবে এক উল্লেখ্য পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে ।

লগতে পঢ়ক: ভোট গণনাৰ তাৰিখ সলনি; 4 ডিচেম্বৰতহে ওলাব মিজোৰাম নিৰ্বাচনৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.