ETV Bharat / bharat

Manipur CM To Resign: পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ !

author img

By

Published : Jun 30, 2023, 12:57 PM IST

Updated : Jun 30, 2023, 2:37 PM IST

বিগত ২ মাহ ধৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগৰ বাবে সাজু হৈছে । আজি ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা ।

Manipur CM Resigns
পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,৩০ জুন : পদত্যাগৰ বাবে সাজু হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং । বিগত ২ মাহ ধৰি চলি থকা হিংসা প্ৰতিহত কৰিব নোৱাৰি অৱশেষত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ! প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা আছে । তেওঁ দুপৰীয়া ১ বজাত মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীক সাক্ষাৎ কৰিব । সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক পদত্যাগপত্ৰ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ।

সূত্ৰৰ মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰে কঠোৰ হ'বলৈ কৈছিল । সূত্ৰৰ মতে আন বিকল্প নাথাকিলে তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছিল, অন্যথা কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱাৰ কথা কৈছিল । যাৰবাবে সম্ভৱত এন বীৰেণ সিঙে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

লক্ষণীয়ভাৱে বিগ ত প্ৰায় ২ মাহে মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । দুটা সম্প্ৰদায়ৰ মাজত চলি থকা এই উত্তেজনাই অতি ভয়ংকৰ ৰূপ লৈছে । ইতিমধ্যে এই সংঘৰ্ষত ১০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক । এতিয়া ৰাজ্যখনত বহু আশ্ৰয় শিবিৰতে দিন ৰাতি কটাইছে ৩০ লক্ষাধিক লোকে । এনে পৰিস্থিতিত সেনা, অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনীয়ে বিভিন্ন পদক্ষেপ লৈছে যদিও প্ৰতিদিনে হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে ।

এনে পৰিস্থিতিত বিৰোধী দলসমূহে শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । আনকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰণে সিঙকো বিৰোধীয়ে বিভিন্ন ধৰণে সমালোচনা কৰিছে আৰু পদত্যাগৰো দাবী জনাইছে । বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আগমনৰ সময়ত নেতাগৰাকী কনভয়ক বাধা দিয়াকলৈও বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপি চৰকাৰক । এনে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ খবৰে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Manipur Violance: মণিপুৰ হিংসাৰ সাহাৰ্য শিবিৰত থকা ভুক্তভোগীৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে

Last Updated : Jun 30, 2023, 2:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.