নেশ্যনেল ডেস্ক, 29 জুন: মণিপুৰত পুনৰ সংঘটিত হ’ল হিংসাত্মক ঘটনা ৷ মণিপুৰৰ হাৰাওথেল গাঁৱত অগ্নিসংযোগ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ ৷ বৃহস্পতিবাৰে পুৱা গাঁৱখনত অগ্নি সংযোগৰ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় সেনা ৷ ইয়াৰ পাচতেই সেনা আৰু অস্ত্ৰধাৰী দুৰ্বৃত্তৰ মাজত আৰম্ভ হয় সংঘৰ্ষ ৷ সংঘৰ্ষত কিছু লোক হতাহত হোৱাৰ খবৰো লাভ কৰা গৈছে ৷ ভাৰতীয় সেনাই সদৰী কৰিছে এই তথ্য ৷
ভাৰতীয় সেনাৰ তথ্য অনুসৰি, ‘‘বৃহস্পতিবাৰে পুৱা মণিপুৰৰ হাৰাওথেল গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ৷ পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে অঞ্চলটোত নিয়োজিত সেনাই তাৎক্ষণিকভাৱে প্ৰতি আক্ৰমণ আৰম্ভ কৰে ৷ বহু সময় ধৰি চলা সংঘৰ্ষৰ ফলত গুলীবৰ্ষণ বন্ধ হয় ৷’’ দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত কিছু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই ৷ সংঘৰ্ষ হোৱা স্থানত ব্যাপক জনসমাগম হোৱাৰ কথাও উল্লেখ কৰিছে ভাৰতীয় সেনাই ৷
ইফালে বৃহস্পিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ অৱশ্যে মণিপুৰৰ চুৰাচান্দপুৰলৈ গৈ থকা ৰাহুল গান্ধীৰ কনভয়ক স্থানীয় আৰক্ষীয়ে ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা বিষ্ণুপুৰৰ ওচৰৰ এটা চেক পোষ্টত বাধা প্ৰদান কৰা কৰে ৷
অৱশ্যে পৰৱৰ্তী পৰ্যায়ত হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ যাত্ৰা কৰে ৰাহুল গান্ধীয়ে ৷ চুৰাচান্দপুৰত আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰি বাৰ্তালাপ কৰাৰ লগতে হিংসাৰ দ্বাৰা প্ৰভাৱিত লোক সকলৰ সৈতে কথা পাতিব কংগ্ৰেছ নেতাগৰাকীয়ে ৷
উল্লেখ্য যে বিগত 3 মে’ৰ পৰা মণিপুৰত সংঘটিত হৈ আছে জাতিগত সংঘৰ্ষ ৷ মেইটেই আৰু কুকিৰ মাজত হোৱা সংঘৰ্ষ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন ঘটা নাই ৷
লগতে পঢ়ক: Rahul Gandhi Manipur visit: ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ কেৱল ৰাজনৈতিক স্বাৰ্থ: অমিত মালব্য