নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: পুনৰ চৰ্চালৈ আহিছে বিবাহৰ পাত্ৰী বিচাৰি হাহাকাৰ কৰা উত্তৰ প্ৰদেশৰ আজিম মনছুৰী । ২ ফুট ৩ ইঞ্চি ওখ মনছুৰীয়ে শেহতীয়াকৈ দাবী কৰিছে যে, তেওঁক বলীউড ছুপাৰষ্টাৰ ছলমান খানে মুম্বাইলৈ আমন্ত্ৰণ জনাইছে । অৱশ্যে বলীউডৰ ছবিত অভিনয় কৰাৰ মন নাই মনছুৰীৰ, বিয়া পাতিবলৈহে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ২৬ বছৰীয়া যুৱকজনে । কেইদিনমান পূৰ্বে ভাইৰেল হৈ পৰা মনছুৰীৰ এটা ভিডিঅ'ই সকলোৰে অন্তৰ চুই গৈছিল ।
দৰাচলতে বিয়াৰ বাবে উপযুক্ত পাত্ৰী বিচাৰি পোৱা নাই মনছুৰীয়ে । পৰিয়ালৰ লোকেও তেওঁক জীৱনসংগী বিচাৰি দিব পৰা নাই । অৱশেষত শামলীৰ স্থানীয় মহিলা আৰক্ষী থানাত উপস্থিত হৈ এগৰাকী পাত্ৰী বিচাৰি দিবলৈ মনছুৰীয়ে আৰক্ষীক আহ্বান জনায় । তেওঁ আৰক্ষীক কৈছিল যে, আৰক্ষীয়ে যি গৰাকী যুৱতীকে বাছনি কৰি দিয়ে, মনছুৰী তেওঁৰ লগতে সুখী হ'ব । তেওঁ লগতে কৈছিল যে, তেওঁক যৌতুক নালাগে আৰু শিক্ষিতা পত্নীৰ প্ৰয়োজন নাই ।
আনহাতে, হ'বলগীয়া পত্নীৰ বাবে মৰমতে এটা নামো ভাবি থৈছে মনছুৰীয়ে । তেওঁ আৰক্ষীক জনোৱা মতে, পত্নীক তেওঁ 'আলিয়া' বুলি মাতিব । ইফালে, ভৱিষ্যতে তেওঁৰ সন্তানৰ উচ্চতা কি হ'ব তাক লৈও তেওঁ চিন্তিত নহয় বুলি স্পষ্ট কৰি দিছে । ৬ গৰাকী সন্তানৰ মাজত মনছুৰী হৈছে তৃতীয় সন্তান । বিবাহৰ প্ৰস্তাৱ আহে যদিও তেওঁৰ উচ্চতা কম হোৱাৰ বাবে বিবাহ সম্পন্ন হোৱাত বাধা আহি পৰে ।
অৱশেষত নিৰাশ হৈ মনছুৰীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকললৈও সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে । মহিলা আৰক্ষী বিষয়াসকলে তেওঁৰ সকলো কথা শুনাৰ পিছত তেওঁক সহায় কৰাৰ আশ্বাস দিয়ে । গেলামালৰ দোকান দি জীৱিকা অৰ্জন কৰি আহিছে মনছুৰীয়ে ।
তেওঁ কয় যে, তেওঁ ৰমজানৰ আগতে বিবাহ সম্পন্ন কৰাৰ বাবে চেষ্টা কৰি আছে আৰু নেদেখাজনৰ আশীৰ্বাদত যদি তেওঁ সফল হয়, তেন্তে পত্নীক মধুচন্দ্রিকা উদযাপনৰ বাবে গোৱা, কুল্লু, মনালী আৰু চিমলালৈ যাব বুলি প্ৰকাশ কৰিছে । আনহাতে, ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে মনছুৰীলৈ বিবাহৰ প্ৰস্তাৱ আহিবলৈ ধৰিছে বুলিও তেওঁ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: পশ্চিম নৌ সেনা প্ৰধান আৰ হৰিকুমাৰৰ কৰ্ণাটকৰ নৌ আধাৰ পৰিদৰ্শন