নেশ্যনেল ডেস্ক, 20 আগষ্ট : ঘৰুৱা বিবাদৰ ভয়ংকৰ পৰিণতি ৷ দেওবাৰে দিন দুপৰতে পত্নী আৰু তেওঁৰ দুই ভাই আৰু ভগ্নীক গুলীয়াই হত্যা কৰিলে এজন ব্যক্তিয়ে ৷ মধ্যপ্ৰদেশৰ মোৰেণা জিলাৰ বাগচিনি গাঁৱৰ এটা বাছ ষ্টপেজত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷
প্ৰাপ্ত খবৰ অনুসৰি, ভন্দ জিলাৰ আতেৰৰ বাসিন্দা ৰাখীয়ে প্ৰায় এবছৰৰ পূৰ্বে ত্ৰিলোক পাৰমাৰ নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ নাছিল ৷ সেইবাবে তেওঁলোকৰ মাজত প্ৰায়েই কন্দলৰ সৃষ্টি হৈছিল ৷
এই সন্দৰ্ভত কথা পাতিবলৈ ৰাখীৰ ভাতৃ যুৱৰাজ আৰু ভগ্নী জুলিয়ে ত্ৰিলোকৰ মাতৃৰ সৈতে কথা পাতিবলৈ আহিছিল ৷ কিন্তু এই কথাই বিষম ৰূপহে ললে ৷ এই আলোচনাই ক্ৰমাৎ কাজিয়াৰ ৰূপ লয় ৷ তাৰ পিচত তিনিওৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷
এই ঘটনাৰ পিচতে ভাতৃ আৰু ভগ্নীয়ে বায়েক ৰাখীক লৈ মাতৃগৃহলৈ যাবলৈ বাছ ষ্টপেজত ৰৈ থাকে ৷ ইফালে ত্ৰিলোকৰ মাতৃয়ে সমগ্ৰ ঘটনাৰ কথা নিজ পুত্ৰক অৱগত কৰে ৷
এই কথা শুনি খঙত অগ্নিশৰ্মা হৈ ত্ৰিলোকে বাছ ষ্টপেজত ৰৈ থকা পত্নীসহ তেওঁৰ দুই ভাতৃ-ভগ্নীক দেশীয় পিষ্টলেৰে গুলীয়াই ৷ এই গুলীচলনাত ৰাখী আৰু যুৱৰাজ ঘটনাস্থলীতে নিহত হয়, আনহাতে সম্প্ৰতি জুলিক এখন চিকিৎসালয়ত সংকটজনৱ অৱস্থাত ভৰ্তি কৰা হৈছে ৷
আনহাতে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে ত্ৰিলোকে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি অভিযুক্তটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Man strangulates daughter: ব্লেডেৰে ডিঙিত ৰেপি কন্যাক হত্যা পাষাণ পিতৃৰ