নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : প্ৰথমে চুলি কাটিবলৈ আহি নাপিতৰ সৈতে গ্ৰাহকৰ বাকযুদ্ধ আৰু তাৰ পাচত নাপিতক গুলীয়াই হত্যা(Man shoots barber) । আন দিনাৰ দৰেই বুধবাৰেও ইৰফান নাপিতৰ চেলুনত চুলি কাটিবলৈ আহিছিল সমীৰে । কিন্তু ইৰফানে চুলি কাটিবলৈ অমাান্তি হয় । কিয়নো সমীৰে পূৰ্বে চুলি কটাৰ মূল্য পৰিশোধ কৰা নাছিল ।
গতিকে নাপিত ইৰফানে সমীৰক স্পষ্টকৈ বুজাই দিলে যে, পূৰ্বৰ বাকী থকা ধন আদায় দিলেহে পুনৰ সমীৰৰ চুলি কাটিব ইৰফানে । পিছে, সমীৰো আঁকোৰগোঁজ । বাৰে বাৰে চুলি কাটিবলৈ ক'লে ইৰফানক । কিন্তু ইৰফান নিজৰ স্থিতিত অটল । বাৰে বাৰে কোৱাৰ পাচতো চুলি নকটাৰ বাবে অৱশেষত ক্ষুব্ধ হৈ ইৰফানলৈ লক্ষ্য কৰি গুলীচালনা কৰে সমীৰে(UP Man shoots barber) ।
গুলীবিদ্ধ হৈ লগে লগে মৃত্যু হয় ইৰফানৰ । এই গুলীচালনাৰ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আগৌতা চহৰৰ শ্বৰীফপুৰ ভইনশ্ৰোলী গাঁৱত(Man shoots barber in Uttar Pradesh) ।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ সিঙে জনোৱা মতে, এই ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তৰ ভিতৰত বৰ্তমানলৈকে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে(UP man held for Barber murder) । আন দুজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । চুলি কাটিবলৈ অস্বীকাৰৰ কৰাৰ বাবেই বুধবাৰে সমীৰে নাপিত ইৰফানক গুলীয়াই হত্যা কৰে(UP Man shoots barber for haircut) ।
সমীৰে অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলীচালনা কৰিছিল । গুলীচালনাত আহত হয় ইৰফানৰ ভাতৃ ইমৰাণ । তেওঁ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অভিযান অব্যাহত ৰাখিছে(Barber murder case in Uttar Pradesh) ।
লগতে পঢ়ক: ISIS threats Gautam Gambhir : প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ