ETV Bharat / bharat

পথত গীত গাই ভাইৰেল যুৱক; হৃত্বিক ৰোশনেও শ্বেয়াৰ কৰিলে ভিডিঅ’ - সংগীত

পথৰ কাষত হাতত গীত গোৱা এজন যুৱকৰ এটি ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷ Jab Koi Baat Bigad Jaye শীৰ্ষক গীতটি পৰিৱেশন কৰি যুৱকজনে বলীউড চুপাৰ ষ্টাৰ হৃত্বিক ৰোশন আৰু কুনাল কাপুৰৰ পৰাও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Man performs Jab Koi Baat Bigad Jaye on street to pay music school fees

author img

By

Published : Oct 13, 2021, 5:03 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰ : চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী যুৱকৰ গীত গোৱা এটি ভিডিঅ’ ৷ পথৰ কাষত হাতত গীত গোৱা এজন যুৱকৰ ভিডিঅ’টোৱে জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰাম আৰু টুইটাৰত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ এই ভাইৰেল ভিডিঅ’টোৱে সলনি কৰিলে যুৱকজনৰ ভাগ্য ৷ সংগীত শিক্ষাৰ ক্ষেত্ৰত প্ৰাচীৰ হৈ থিয় দিয়া আৰ্থিক সমস্যাৰো সমাধান হ’ল এই ভিডিঅ’টোৰ দ্বাৰা

আশী দশকৰে ছবি Jurm ৰ Jab Koi Baat Bigad Jaye শীৰ্ষক গীতটি পৰিৱেশন কৰি যুৱকজনে বলীউড চুপাৰ ষ্টাৰ হৃত্বিক ৰোশন আৰু কুনাল কাপুৰৰ পৰাও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ @ankit.today নামৰ টুইটাৰ একাউন্টটোৰ পৰা পোন প্ৰথমে শ্বেয়াৰ কৰা হৈছিল এই ভিডিঅ’টো ৷ ভিডিঅ’টো কেপচন দিয়া হৈছিল যে, When talent tech, the possibilities are endless ৷

2.10 মিনিটৰ ভিডিঅ’টোত গীটাৰ বজাই গীত গোৱা যুৱকজনে নিজকে শ্বাকীল বুলি পৰিচয় দিছে ৷ যুৱকজনৰ গীত উপভোগ কৰিবলৈ সেই স্থানত যথেষ্ট লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৷ ভিডিঅ’টোত গীতৰ মাজতে কেইবাটাও অন লাইন পে’মেন্ট প্লেটফৰ্মৰ QR code দেখুওৱা হয় ৷

  • Brilliant! You can support this very talented and innovative musician from wherever you are. The power of UPI and technology 👏👏 https://t.co/pZ6NHtdK6q

    — Kunal Kapoor (@kapoorkkunal) October 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

যিসকলে ইচ্ছা কৰে, এই পে’মেন্ট পদ্ধতিৰে শ্বাকীলক অৰ্থ সাহায্য প্ৰদান কৰিব পাৰে ৷ শ্বাকীললৈ ধন প্ৰদান কৰাৰ লগে লগে দিওতাগৰাকীলৈ এটা মেছেজ যায়, য’ত ইংৰাজীত লিখা থাকে, ‘‘আপোনাৰ সহায়ৰ বাবে ধন্যবাদ, ইয়াৰে মোৰ সংগীত বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিম’’ ৷

ভিডিঅ’টো আপলোড হোৱাৰ লগে লগেই ভাইৰেল হৈ পৰে আৰু কুনাল কাপুৰেও ভিডিঅ’টো ৰি-শ্বেয়াৰ কৰি শ্বাকীলক সহায়ৰ বাবে আহ্বান জনায় ৷ নিজৰ টুইটত কুনালে লিখে যে, “Brilliant! You can support this very talented and innovative musician from wherever you are. The power of UPI and technology,” বলীউড তাৰকা হৃত্বিক ৰোশনে কুনাল কাপুৰৰ পোষ্টটো ৰি-টুইট কৰাৰ লগতে শ্বাকীলৰ সংগীতৰ প্ৰতিভাত মুগ্ধ হৈ পৰে ৷

এই পোষ্টটো যেতিয়া শ্বাকীলে দেখা পালে, লগে লগে তেওঁ ইনষ্টাগ্ৰাত ৰি-শ্বেয়াৰ কৰে আৰু ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় ৷ চাকীলে উল্লেখ কৰে যে, ‘‘এই ভাইৰেল ভিডিঅ’টোৱে সকলোৰে সমাদৰ লাভ কৰিছে ৷ অংকিত ছাৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি সঁচাকৈয়ে আপুনি মোৰ জীৱন সলনি কৰি দিলে ৷ যিসকলে মোৰ ভিডিঅ’টো চাই মোক উৎসাহ যোগালে আৰু মোৰ সংগীত শিক্ষাৰ বাবে অৰ্থ সাহায্য আগবঢ়ালে, সেই সকলোকে মই ধন্যবাদ জনাইছো’’ ৷

ভাৰতৰ অন্যতম সংগীত শিল্পী চনু নিগমেও শ্বাকীলৰ ভিডিঅ‘টো শ্বেয়াৰ কৰাৰ লগতে তেওঁক আগুৱাই যাবলৈ শুভেচ্ছা জনাইছে ৷

লগতে পঢ়ক : ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.