ETV Bharat / state

কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? - GUWAHATI CONGRESS PROTEST TRAGEDY

আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যুৰ অভিযোগ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

Guwahati Congress Protest Tragedy
কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 9:00 PM IST

গুৱাহাটী : বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল'লে অধিবক্তা মৃদুল ইছলামে । আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যু হোৱা বুলি ইতিমধ্যে কংগ্ৰেছে অভিযোগ কৰিছে । লতাশিল আৰক্ষী থানাত ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে কংগ্ৰেছে এজাহাৰো দাখিল কৰিছে । অৱশ্যে তাৰ মাজতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই সন্দৰ্ভত কয়, "আজিৰ প্ৰতিবাদৰ বাবে কংগ্ৰেছে অনুমতি লোৱা নাছিল । প্ৰতিবাদৰ বাবে কোনো ধৰণৰ অনুমতি বিচৰাও নাছিল দিয়াও হোৱা নাছিল । অনুমতি অবিহনে এই প্ৰতিবাদ হৈছিল । প্ৰায় এহাজাৰ প্ৰতিবাদকাৰীয়ে কংগ্ৰেছৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল । প্ৰতিবাদকাৰীয়ে দুখন বেৰিকেড পাৰ হোৱাৰ পিছত তৃতীয়খন বেৰিকেডত উপস্থিত হোৱাত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল । আমি অতিৰিক্ত বাহিনী ব্যৱহাৰ কৰা নাই । অৱশ্যে আৰক্ষীয়ে কন্দুৱা গেছ ফায়াৰ কৰা নাছিল, ৰাস্তাত ৰোল কৰি দিছিল । ধোঁৱা ওলোৱাৰ পিছত কন্দুৱা গেছৰ ৰোল আৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদ শেষ হোৱাৰ পিছত আমি খবৰ পাইছিলো যে এজন ব্যক্তি অসুস্থ হৈ পৰিছিল । ব্যক্তিজনক বন্ধুবৰ্গই প্ৰথম অৱস্থাত সমীপত থকা ব্যক্তিগত হাস্পতাল এখনলৈ লৈ গৈছিল । কিন্তু চিকিৎসকে জি এম চি এইছলৈ প্ৰেৰণ কৰে । জি এম চি এইছত চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে ।"

Guwahati Congress Protest Tragedy
প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে জনাই কংগ্ৰেছে আৰক্ষীলৈ দিয়া পত্ৰ (ETV Bharat Assam)

আৰক্ষী আয়ুক্তই লগতে কয়, "প্ৰাথমিক তদন্ত কৰি গম পালো যে ব্যক্তিজনে তাত বিভিন্নজনক কৈছিল নিজৰ অসুস্থতাৰ কথা । নিজৰ গাড়ীত গৈ পানী খোৱাৰ পিছত অসুস্থ হৈছিল বকোৰ মৃদুল ইছলাম নামৰ লোকজন । এতিয়া প্ৰথমে দণ্ডাধীশ পৰ্যায়ত তদন্ত হৈছে । কোনো ধৰণৰ আঘাতৰ চিন নাই মৃত লোকজনৰ দেহত । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে গম পোৱা যাব মৃত্যুৰ আচল কাৰণ ।

ইফালে আৰক্ষী আয়ুক্তৰ এই ভাষ্যৰ বিপৰীতে কংগ্ৰেছে স্পষ্ট কৰি দিছে যে বুধবাৰৰ এই প্ৰতিবাদৰ বাবে তেওঁলোকে আৰক্ষীৰ পৰা অনুমতি বিচাৰিছিল ।

লগতে পঢ়ক :আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তাৰ মৃত্যু: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল - GUWAHATI CONGRESS PROTEST TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.