ETV Bharat / bharat

Vande Bharat: প্ৰস্ৰাৱ কৰিবলৈ বন্দে ভাৰতত উঠা ব্যক্তি পালেগৈ উজ্জয়িনী; 6,000 টকাৰ জৰিমনা - মধ্য প্ৰদেশৰ ভূপাল

মধ্য প্ৰদেশৰ ভূপালত এজন যুৱকে প্ৰস্ৰাৱ কৰিবলৈ বন্দে ভাৰত এক্সপ্ৰেছত উঠাৰ পাছতেই ৰে’লখন চলিবলৈ ধৰাত যুৱকজন তাতেই আৱদ্ধ হৈ পালেগৈ উজ্জয়িনী ৷ ইয়াৰ বাবে যুৱকজনে জৰিমনাও ভৰিব লগা হয ৷

Urinating on Vande Bharat Express in Bhopal
বন্দে ভাৰত ৰে’লৰ সৈতে জড়িত এক আশ্চৰ্যজনক খবৰ
author img

By

Published : Jul 21, 2023, 11:58 AM IST

নিউজ ডেস্ক, 21 জুলাই : বন্দে ভাৰত ৰে’লৰ সৈতে জড়িত এক আশ্চৰ্যজনক খবৰ পোহৰলৈ আহিছে ৷ জানিব পৰা মতে মধ্য প্ৰদেশৰ ভূপালত এজন যুৱকে প্ৰস্ৰাৱ কৰিবলৈ বন্দে ভাৰত এক্সপ্ৰেছত উঠিছিল ৷ সেই সময়তে যুৱকজনৰ লগত এনেকুৱা এটা ঘটনা ঘটে, যিটো তেওঁ গোটেই জীৱন পাহৰিব নোৱাৰিব ৷ আচলতে যুৱকজনে প্ৰস্ৰাৱ কৰিবলৈ ট্ৰেইনত উঠিছিল ৷ যুৱকজন বাথৰুমলৈ যোৱাৰ লগে লগে বাথৰুমৰ দুৱাৰখন বন্ধ হৈ গ’ল ৷ তেওঁ জানিব পৰা নাছিল যে, ৰে’লৰ গেটবোৰ স্বয়ংক্ৰিয়ভাৱে স্থাপন কৰা হয় ৷ যেতিয়া দুৱাৰখন খোলা নাছিল, তেতিয়া যুৱকজনে যথেষ্ট ভয় খাইছিল ৷ কিন্তু তেওঁৰ বিপদ ইয়াতেই শেষ হোৱা নাছিল ৷ যেতিয়া তেওঁ টিটি আৰু আৰক্ষীৰ পৰা সহায় বিচাৰিছিল, তেতিয়া তেওঁক সহায় কৰাৰ পৰিৱৰ্তে 1,020 টকাৰ জৰিমনা বিহা হৈছিল ৷

এই যুৱকজনৰ নাম আব্দুল কাদিৰ বুলি জানিব পৰা গৈছে ৷ আব্দুল কাদিৰৰ ঘৰ শিংৰৌলিৰ বাইধনত ৷ 15 জুলাইত পৰিয়ালসহ ভূপাললৈ আহিছিল তেওঁ ৷ ভূপাল ৰে’লৱে ষ্টেচনত শিংৰৌলিলৈ উভতি যাবলৈ দক্ষিণ এক্সপ্ৰেছৰ বাবে অপেক্ষা কৰি আছিল যুৱকজন ৷ সেইসময়ত বন্দে ভাৰত ৰে’লখনো ইন্দোৰলৈ যাবলৈ প্লেটফৰ্মত ৰৈ আছিল আছিল ৷ এই সময়তে যুৱকজনে প্ৰস্ৰাৱ কৰিব লগাত ষ্টেচনৰ বাথৰুমলৈ নোযোৱাকৈয়ে বন্দে ভাৰত ৰে’লৰ বাথৰুম পালেগৈ ৷

যেতিয়া যুৱকজনে বাথৰুমৰ পৰা ওলাই আহিবলৈ গেটখন খুলিবলৈ আৰম্ভ কৰিলে, গেটখন খোলা নাছিল ৷ প্ৰকৃততে, যুৱকজনে নাজানিছিল যে যেতিয়া ৰে’লখন চলে, ইয়াৰ গেটবোৰ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায় ৷ আব্দুল কাদিৰে টিটি আৰু আৰক্ষীৰ পৰা সহায় বিচাৰিছিল কিন্তু তেওঁক সহায় কৰাৰ পৰিৱৰ্তে, তেওঁৰ ওপৰত এক বৃহৎ জৰিমনা আৰোপ কৰে ৷ যিহেতু ৰে’লখন উজ্জয়িনীলৈ গৈ আছিল, তেওঁ নিবিচাৰিলেও 1,020 টকাত উজ্জয়িনীলৈ টিকট ল'ব লগা হৈছিল ৷

আব্দুল কাদিৰে উজ্জয়িনী পাবলৈ আৰু ভূপাললৈ উভতি যাবলৈ প্ৰায় 800 টকা খৰচ কৰিব লগা হয় ৷ একে সময়তে, তেওঁ সেই ৰে’লখনেৰে ঘৰলৈ যাব নোৱাৰিলে য'ত তেওঁৰ পৰিয়াল ঘৰলৈ উভতি আহিব বিচাৰিছিল ৷ যাৰ বাবে কাদিৰৰ এই ৰেলখনৰ টিকটৰ বাবে 4000 টকা লোকচান হৈছিল ৷ এই সকলোবোৰ মিলাই বন্দে ভাৰত ৰে’লত প্ৰস্ৰাৱ কৰিবলৈ উঠা আব্দুল কাদিৰে প্ৰায় 6,000 টকাৰ লোকচানৰ সন্মুখীন হৈছিল ৷

ইয়াৰ পূৰ্বেও ভূপালৰ এগৰাকী মহিলাই বন্দে ভাৰত ৰে’লৰ ভিতৰত চেলফি ল’বলৈ গৈ অনুৰূপ ঘটনাৰ সন্মুখীন হৈছিল ৷ দৰাচলতে মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে ৰে’লৰ ভিতৰলৈ উঠি চেলফি তুলিবলৈ আৰম্ভ কৰিছিল ৷ তেনে সময়তে ৰে’লখন চলিবলৈ আৰম্ভ হ’ল লগতে দুৱাৰত তলা লগোৱা হ’ল যদিও মহিলাগৰাকীয়ে বিভিন্ন ভংগীমাত চেলফি তুলি থাকিল ৷ তেওঁৰ চেলফিৰ বাবে প্ৰায় 5 হাজাৰ 470 টকা খৰচ কৰিব লগা হৈছিল আৰু মহিলাগৰাকী পোনে পোনে ঝান্সী ৰে’ল ষ্টেচনত নামিব লগা হৈছিল ৷

লগতে পঢ়ক : Parliament monsoon session 2023 : সদনত মণিপুৰৰ বিতৰ্কত উত্তৰ দিবলৈ সাজু অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.