ETV Bharat / bharat

Man kills wife: পত্নীক হত্যা কৰি, কাটি টুকুৰা টুকুৰ কৰি নদীত পেলালে স্বামীয়ে - odisha news

ওড়িশাৰ গঞ্জাম জিলাৰ ভগবানপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ পত্নীক হত্যা কৰি, কাটি টুকুৰা টুকুৰ কৰি নদীত উটুৱাই দিলে স্বামীয়ে ৷

Man kills wife
পত্নীক হত্যা কৰি, কাটি টুকুৰা টুকুৰ কৰি নদীত পেলালে স্বামীয়ে
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:43 PM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ : গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌযাওঁতই স্বামীৰ হাতত প্ৰাণ হেৰুৱালে দুৰ্ভগীয়া পত্নীয়ে ৷ প্ৰেম কৰোঁতে সাৱধান হওক ৷ প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতি ৷ ওড়িশাৰ গঞ্জাম জিলাৰ ভগবানপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ পত্নীক হত্যা কৰি, কাটি টুকুৰা টুকুৰ কৰি নদীত উটুৱাই দিলে স্বামীয়ে ৷ মৃত মহিলাগৰাকীৰ নাম বুলি মুলি (25) বুলি জানিব পৰা গৈছে ৷ এই ঘটনাটো নিশা বুধবাৰে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, বুধবাৰে নিশা বুলি আৰু তেওঁৰ স্বামী নাৰায়ণ মুলি (30) য়ে ঘৰত অকলে থাকে ৷ বুধবাৰে পুৱা প্ৰায় ১২ বজাত, দম্পতীটোৱে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ পিচত বেল্টৰ সহায়ত পত্নী বুলিক শ্বাসৰুদ্ধ কৰি হত্যা কৰে। পত্নীক হত্যা কৰি নাৰায়ণে বুলিৰ শৰীৰটো কান্ধত লৈ ৰুশ্কুলিয়া নদীৰ পাৰলৈ লৈ যায় আৰু প্ৰমাণ ধ্বংস কৰাৰ প্ৰচেষ্টাত নদীত উটুৱাই দিয়াৰ পূৰ্বে পত্নীৰ ভৰি, হাত, উৰু আৰু ডিঙিটো টুকুৰা টুকুৰ কৰি কাটি পেলাই দিয়ে ৷

ইয়াৰ পিচতে বুলিৰ পিতৃ-মাতৃয়ে চোৰোদা আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিতেই, আৰক্ষীয়ে অভিযুক্ত স্বামী নাৰায়ণক সোধা পোছাৰ বাবে আৰক্ষী থানালৈ লৈ আহে। আৰক্ষীৰ সোধা পোছাত নাৰায়ণে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে, তেওঁ নিজ পত্নীক হত্যা কৰি নদীত পেলাই দিছিল। অৱশ্যে আৰক্ষীয়ে হত্যাৰ কাৰণ এতিয়াও জানিব পৰা নাই।

আৰক্ষীয়ে অভিযুক্ত স্বামীক লগত লৈ নদীৰ পাৰলৈ গৈ মহিলাগৰাকীৰ মৃতদেহ বিচাৰিবলৈ চেষ্টা কৰে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, প্ৰায় দুবছৰৰ প্ৰেমৰ সম্পৰ্কৰ পিচত বুলিয়ে তিনি মাহ পূৰ্বে ভগবানপুৰৰ নাৰায়ণ মুলীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

লগতে পঢ়ক: Gold Smuggling: বিমানবন্দৰত ভাৰতীয় পৰিয়ালৰ পৰা 1 কোটি টকাৰ 2 কিলোগ্ৰাম সোণৰ পাউডাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.