ETV Bharat / bharat

Narendra Modi Stadium : নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আক্ৰমণৰ ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ এজন

নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আক্ৰমণ চলোৱাৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰা এজন লোকক গ্ৰেপ্তাৰ ৷ ধৃত অভিযুক্তজনে ষ্টেডিয়ামত বিস্ফোৰণ হ’ব বুলি দাবী কৰি ই-মেইল প্ৰেৰণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে এজন বিষয়াই ৷

Narendra Modi Stadium
নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আক্ৰমণ চলোৱাৰ ভাবুকি
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 6:52 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাই নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আক্ৰমণ চলোৱাৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ গুজৰাটৰ ৰাজকোটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তজনক ৷ জানিব পৰা মতে ধৃত অভিযুক্তজনৰ পূৰ্বে কোনো অপৰাধমূলক গোচৰৰ ৰেকৰ্ড নাই ৷

এই বৃহৎ ষ্টেডিয়ামখন চলিত ক্ৰিকেট বিশ্বকাপৰ অন্যতম স্থান আৰু ১৪ অক্টোবৰত ইয়াত বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ হাইভল্টেজ ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব ৷ ধৃত অভিযুক্তজনে ষ্টেডিয়ামত বিস্ফোৰণ হ’ব বুলি দাবী কৰি ই-মেইল প্ৰেৰণ কৰিছিল বুলি এই সন্দৰ্ভত বিশেষ বিৱৰণ নিদিয়াকৈ অভিযোগ উত্থাপন কৰিছে এজন বিষয়াই ৷ মধ্যপ্ৰদেশৰ বাসিন্দা অভিযুক্তজনে ৰাজকোটৰ উপকণ্ঠ অঞ্চলত বাস কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : PM Modi pays tributes: জয়প্ৰকাশ নাৰায়ণ আৰু নানাজী দেশমুখক জন্মজয়ন্তী উপলক্ষ্যে স্মৰণ প্ৰধানমন্ত্ৰীৰ

বিষয়াগৰাকীয়ে কয়, "অভিযুক্তজনে নিজৰ ফোন আৰু নিজৰ নাম লৈ এটা চমু মেইল প্ৰেৰণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁৰ কোনো অপৰাধমূলক গোচৰ নাই।" আহমেদাবাদ আৰক্ষীয়ে পূৰ্বে প্ৰকাশ কৰা অনুসৰি ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ ক্ৰিকেটৰ হাইভল্টেজ ভাৰত-পাকিস্তানৰ মেচখনৰ বাবে অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷

সোমবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ১৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা ক্ৰিকেট মেচখনৰ বাবে আহমেদাবাদ আৰু নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তাৰ বাবে গুজৰাট আৰক্ষী, এন এছ জি, আৰ এ এফ আৰু হোম গাৰ্ডকে ধৰি বিভিন্ন সংস্থাৰ ১১ হাজাৰৰো অধিক জোৱান মোতায়েন কৰা হ’ব ৷

উল্লেখ্য যে, 14 অক্টোবৰ শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট 2023 ৰ চিৰপ্ৰতিদ্বন্দী ভাৰত-পাকিস্তানৰ মেচ ৷ এই খেলখনৰ বাবে অধীৰ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে ৷

লগতে পঢ়ক : NewsClick row : নিউজক্লিকৰ বিৰুদ্ধে FCRA উলংঘনৰ গোচৰ চিবিআইৰ; প্ৰতিষ্ঠাপকৰ কাৰ্যালয়, বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.