নেচনেল ডেস্ক, 24 ফেব্ৰুৱাৰী: মাতৃ আৰু পত্নীৰ কাজিয়াত অতিষ্ঠ হৈ এগৰাকী ব্যক্তিয়ে পাঁচ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ দৰে ঘটনাই জোকাৰি গৈছে মুৰাদাবাদ অঞ্চল ৷ পত্নী আৰু মাতৃৰ মাজত হোৱা বিবাদৰ পৰিণতিতে পাঁচ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় 37 বৰ্ষীয় ব্যক্তিজনে ৷
ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা ঘটনাটো সংঘটিত হোৱাৰ সময়ত ব্যক্তিজনৰ পত্নী আৰু মাতৃ দুয়ো কোনো কথাত বিবাদত লিপ্ত আছিল ৷ নিহত ব্যক্তিজন শচীন চাইনী বুলি জানিব পৰা গৈছে ৷
তেজেৰে লুতুৰি-পুতুৰি ব্যক্তিগৰাকীক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷ ষ্টেচন হাউচ অফিচাৰ ৰজনী দ্বিবেদীয়ে কয় যে, দিল্লীলৈ নিয়াৰ পথতে ব্যক্তিজনে মৃত্যুৰ সন্মুখত হাৰ মানে ৷ তেওঁ লগতে কয় যে, ঘটনাৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি এই কথা ক'ব পাৰি যে, প্ৰায়েই হৈ থকা পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবে খঙত মানুহজনে এই চৰম পন্থা বাচি লয় ৷
ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দি আৰক্ষীয়ে কয় যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷ পাখৱাৰা অঞ্চলৰ এখন দোকানৰ গৰাকী শচীন চাইনীয়ে মাতৃ আৰু পত্নীৰ লগতে এজন পুত্ৰ সন্তান ইহ-সংসাৰত এৰি থৈ গৈছে ৷