নেশ্যনেল ডেস্ক,১ এপ্ৰিল: নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ ফালৰ পৰা সকলো ধৰণৰ চেষ্টা কৰাতো স্বাভাৱিক । কিন্তু নিৰ্বাচনৰ বাবে আজীৱন অবিবাহিত হৈ থকাৰ সংকল্প ভংগ কৰাতো আশ্চৰ্যকৰ । উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ হাথী সিং নামৰ লোকজনে চিৰকুমাৰ হৈ থকাৰ সংকল্প লৈছিল । কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত নিয়মে প্ৰতিজ্ঞা ভংগ কৰিবলৈ বাধ্য কৰালে হাথী সিঙক ।
পঞ্চায়ত নিৰ্বাচনৰ বাবে উক্ত গাঁৱৰ আসনখন মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আছিল । সেয়ে ওৰে জীৱন অবিবাহিত হৈ থকাৰ পৰিৱৰ্তে বিবাহপাশত আৱদ্ধ হৈ পত্নীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৪৫ বছৰীয়া লোকজনে । ইয়াৰ পিছতে তেওঁ ছপ্ৰা জিলাৰ নিধি সিং নামৰ এগৰাকী যুৱতীক বিয়া কৰায় ।
বিবাহৰ পিছতে দম্পতীটোৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত । বিবাহ সন্দৰ্ভত হাথী সিঙে কয় যে, গাঁৱখনৰ কল্যাণ আৰু দেশৰ বাবে আগবঢ়োৱা সেৱাতকৈ বেছি গুৰুত্বপূৰ্ণ কথা একো নাই । গতিকে গাঁৱখনক বিকাশৰ দিশত আগুৱাই নিয়াৰ বাবে নিধি সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ।
লগতে পঢ়ক: মাজবাটৰ ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ