ETV Bharat / bharat

বেংগালুৰুত অনলাইন প্ৰৱঞ্চকৰ বলি হৈ যুৱকৰ আত্মহত্যা

author img

By

Published : Apr 13, 2021, 10:42 PM IST

অনলাইন ঠগ-প্ৰবঞ্চকৰ বলি হৈ আত্মহত্যাৰ পথ বাচি ল'লে বেংগালুৰুৰ এজন যুৱকে । জানিব পৰা মতে ৰাজস্থানৰ মেৱাটৰ এটা অনলাইন প্ৰৱঞ্চকৰ দলৰ কৱলত পৰিছিল যুৱকজন ।

বেংগালুৰুত অনলাইন প্ৰৱঞ্চকৰ বলি হৈ যুৱকৰ আত্মহত্যা
বেংগালুৰুত অনলাইন প্ৰৱঞ্চকৰ বলি হৈ যুৱকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: সমগ্ৰ দেশতে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি হৈছে । অনলাইনত লোকক ঠগ-প্ৰবঞ্চনা আৰু ভয়-ভাবুকি দিয়াৰ বহু ঘটনা বিভিন্ন ঘটনা পোহৰলৈ অহা দেখা যায় । কিন্তু এইবাৰ দুষ্টচক্ৰৰ কৱলত পৰি আত্মহত্যাৰ পথ বাচি ল'লে বেংগালুৰুৰ এজন যুৱকে । জানিব পৰা মতে ৰাজস্থানৰ মেৱাটৰ এটা অনলাইন প্ৰৱঞ্চকৰ দলৰ কৱলত পৰিছিল যুৱকজন ।

আত্মহত্যাৰ পিছতে ভৰতপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক অনুসন্ধানৰ বাবে তেওঁলোকক বেংগালুৰুলৈ লৈ গৈছে । জানিব পৰা মতে প্ৰৱঞ্চকৰ দলটোৱে এগৰাকী মহিলাৰ নামত ছ'চিয়েল মিডিয়াত এটা ভুৱা প্ৰ'ফাইল খুলিছিল আৰু ভুক্তভোগী যুৱকজনৰ সৈতে যৌন বাৰ্তালাপত লিপ্ত হৈছিল ।

পৰৱৰ্তী সময়ত তেওঁলোকে মেছেজবোৰ ৰাজহুৱা কৰাৰ ভয় দেখুৱাইছিল আৰু ব্লেকমেইলিং কৰিছিল । যুৱকজনৰ পৰা কেইবালাখ টকা সংগ্ৰহ বিচাৰিছিল । নিৰন্তৰ ব্লেকমেইলিঙৰ পিছত হতাশ হৈ ভুক্তভোগী ইউপিএছচি প্ৰত্যাশী যুৱকজনে মৃত্যুৰ চৰম পথ বাচি ল'বলগীয়া হয় । আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে ভুক্তভোগীৰ ফোনত এখন চুইচাইড নোট উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত বিবাহ অনুষ্ঠানত ২০০ গৰাকী ব্যক্তি সমবেত হ'ব পাৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.