ETV Bharat / bharat

Fraud in appointment: শিক্ষক নিযুক্তিৰ নামত প্ৰৱঞ্চনা; ৯৫ লাখ টকা লৈ উধাও প্ৰৱঞ্চক

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 11:07 AM IST

লক্ষ্ণৌত ১৩ জন নিবনুৱা যুৱকক প্ৰৱঞ্চনা । শিক্ষক পদত নিযুক্তি দিয়াৰ নামত ৯৫ লাখ টকা সংগ্ৰহ কৰে এটা প্ৰৱঞ্চকে । নিযুক্তি নোপোৱাত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগীসকল । সম্প্ৰতি পলাতক প্ৰৱঞ্চকটো ।

Cash for Job
শিক্ষক নিযুক্তিৰ নামত প্ৰৱঞ্চনা

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশত নিযুক্তিৰ নামত প্ৰৱঞ্চনা । চৰকাৰী বিদ্যালয়ত শিক্ষকৰ পদত নিযুক্তি দিয়াৰ নামত লক্ষ্ণৌত ১৩ জন যুৱকক প্ৰৱঞ্চনা এজনৰ । চাকৰি দিয়াৰ নামত যুৱককেইজনৰ পৰা ৯৫ লাখ টকাও সংগ্ৰহ কৰি পলায়ন অভিযুক্তৰ । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ।

চৰকাৰী বিদ্যালয়ত শিক্ষক পদত নিযুক্তি দিয়াৰ নামত যুৱককেইজনৰ পৰা ধন সংগ্ৰহ কৰি অভিযুক্তজনে ইতিমধ্যে পলায়ন কৰিছে । ভুক্তভোগীসকলে নিযুক্তি নোপোৱাত হতাশ হৈ পৰে আৰু আচিয়ানাৰ কোতৱালী আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে । তেওঁলোকৰ অভিযোগৰ ওপৰত ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । অভিযুক্তজনক সাহায্যপ্ৰাপ্ত বিদ্যালয় সন্থাৰ সভাপতি অনিল কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, ফাৰুখাবাদৰ বাসিন্দা ভুক্তভোগী দীপচন্দ্ৰৰ শহুৰেকৰ ঘৰ আচিয়ানা ৰজনীখান্দত । ২০১৮ চনত দীপচন্দ্ৰই তাতেই অভিযুক্ত অনিল কুমাৰ সিঙক লগ পাইছিল । তেওঁ কৈছিল যে, তেওঁ সাহায্যপ্ৰাপ্ত বিদ্যালয় সন্থাৰ সভাপতি । আলোচনাৰ সময়ত অভিযুক্ত অনিলে কৈছিল যে, তেওঁ বিদ্যালয়ত শিক্ষক পদত নিযুক্তি দিব পাৰে । দীপচন্দ্ৰই অনিল সিঙৰ কথাবোৰ বিশ্বাস কৰি লৈছিল । তাৰ পাছত দীপচন্দ্ৰই তেওঁৰ পৰিচিত লোকসকলকো এই কথা কৈছিল । তাৰ পাছত অনিল সিঙে নিযুক্তি প্ৰদানৰ নামত তেওঁলোকৰ পৰা ধন বিচাৰে ।

ভুক্তভোগীৰ মতে নিযুক্তি সন্দৰ্ভত অনিলক লগ কৰিবলৈ আন কেইবাজনো যুৱক তেওঁৰ ওচৰলৈ গৈছিল । তেওঁলোকৰ ভিতৰত আছিল লখিমপুৰ, ফাৰুখাবাদ আৰু হাৰদোইৰ কেইবাজনো যুৱক । অভিযুক্ত অনিলে দীপচন্দ্ৰৰ পৰা প্ৰায় ৩৫ লাখ টকা লৈছিল । ইয়াৰ উপৰিও, আন যুৱক-যুৱতীসকলৰ পৰাও প্ৰায় ৬০ লাখ টকা লৈছিল । কিন্তু তেওঁলোকৰ কোনেও নিযুক্তি নাপালে । পাছত ভুক্তভোগী যুৱকসকলে অনুসন্ধান চলালে আৰু গম পালে যে অনিল কুমাৰ সিঙৰ সাহায্যপ্ৰাপ্ত বিদ্যালয় সন্থাৰ সৈতে কোনো সম্পৰ্ক নাই । এই কথা পোহৰলৈ অহাৰ লগে লগে ভুক্তভোগী দীপচন্দ্ৰই ধনখিনি ঘূৰাই বিচাৰিলে ।

কিন্তু ধন ঘূৰাই দিয়াটো দূৰৰে কথা অভিযুক্ত অনিলে নিবনুৱা যুৱককেইজনক বিভিন্ন ভাবুকিহে প্ৰদান কৰে । এই সন্দৰ্ভত লক্ষ্ণৌত প্ৰৱঞ্চনাৰ এটা গোচৰ ৰুজু কৰা হয় । আচিয়ানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কোৱা মতে ভুক্তভোগীয়ে নগদ ধন আৰু একাউণ্টত কিছু ধন স্থানান্তৰ কৰিছিল । এতিয়ালৈকে ধনৰ লেনদেনৰ মাত্ৰ কিছু তথ্য হে পোহৰলৈ আহিছে । ইতিমধ্যে অভিযুক্ত অনিলক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Illegal Cattle Smuggling: ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথত মাছ কঢ়িওৱা বাহনত ওলাল চোৰাংভাৱে সৰবৰাহ কৰা গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.