ETV Bharat / bharat

Mamata on Karnataka Election Results: কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাস্ত হৈছে : মমতা বেনাৰ্জী

author img

By

Published : May 13, 2023, 9:19 PM IST

অৱশেষত আহিল কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Karnataka Election Results 2023) ৷ কৰ্ণাটকৰ শাসন জৰি এইবাৰ কংগ্ৰেছৰ হাতত ৷ কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল উলোৱাৰ পাচতে বিজেপিক তীব্ৰ সমালোচনা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata criticized BJP on Karnataka Election Results) ৷

Mamata says defeat in Karnataka is the beginning of the end for BJP
Etv Bharatকৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

নেশ্যনেল ডেস্ক, ১৩ মে’ : ‘‘কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাস্ত হৈছে । বংগৰ পৰা বাংগালুৰুলৈকে মানুহ সলনি হ’ব বিচাৰিছে । একনায়কত্ববাদৰ দিন শেষ হ’ল । ইয়াৰ দ্বাৰা এজেন্সীৰ ৰাজনীতিৰ অন্ত পৰিল । আগন্তুক দিনৰ নিৰ্বাচনতো এই ফলাফলৰ পুনৰাবৃত্তি হোৱা দেখা যাব ।’’ শনিবাৰে কালিঘাটৰ বাসগৃহত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক সাক্ষাৎ কৰাৰ পিচত এই মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata says defeat in Karnataka is the beginning of the end for BJP) ৷

ইতিমধ্যে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকৰ ভোট সন্দৰ্ভত টুইটো কৰিছে । সাংবাদিকৰে হোৱা এক বাৰ্তালাপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কৰ্ণাটকৰ নিৰ্বাচনত যিসকলে জয়ী হৈছে তেওঁলোকক অভিনন্দন । কুমাৰ স্বামীয়েও ভাল কাম কৰিছে । চত্তীশগড় আৰু মধ্যপ্ৰদেশে পিচত ভোটদান কৰিব । মই নিশ্চিত যে তাতো বিজেপি পৰাজিত হ’ব । ২০২৪ চনত বিজেপিৰ পৰাজয় এই নিৰ্বাচনৰ ফলাফলৰ পৰাই আৰম্ভ হৈছে’’ (Mamata criticized BJP on Karnataka Election Results)।

লগতে পঢ়ক : Karnataka elections result: বিজেপি বিৰোধী মৰ্চা গঠনত কংগ্ৰেছৰ বাবে সহায়ক হ’ব কৰ্ণাটক নিৰ্বাচনৰ ফলাফল

তেওঁ আৰু কয়, ‘‘য’ত আগতে বিজেপিয়ে ভোট পাইছিল তাত বিজেপিৰ পৰাজয় আৰম্ভ হৈছে ৷ যোগীৰ ৰাজত (যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ) বিৰোধী বৰ বেছি শক্তিশালী নহয় । কিন্তু এইবাৰ অখিলেশ যাদৱে ভাল কৰিব । বিজেপিয়ে লাহে লাহে স্থানবোৰো হেৰুৱাইছে’’ । আনকি মোডী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতিৰ পৰা কেৱল ন্যায়িক ব্যৱস্থাইহে আমাক বচাব পাৰে বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকৰীয়ে ৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতি সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবে বিজেপিক দোষাৰোপ পৰি তীব্ৰ সমালোচনাও কৰে । তেওঁ কয়, ‘‘বিজেপিয়ে মণিপুৰক কোনো ধৰণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই । কেৱল আজিয়েই নহয় এই সমস্যা দীৰ্ঘদিন ধৰি চলি আহিছে’’ ।

উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে ২৭ মে’ত দিল্লী ভ্ৰমণ কৰি নীতিশ কুমাৰে আহ্বান কৰা বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । নিটি আয়োগৰ বৈঠকতো অংশ লোৱাৰ সম্ভাৱনা আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

লগতে পঢ়ক : Karnataka Election Results 2023 : ২৩ বছৰ পিচত চিকমাগালুৰ পুনৰুদ্ধাৰ; ইন্দিৰা গান্ধীৰ কৃতিত্বৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.