নেশ্যনেল ডেস্ক,১ এপ্ৰিল: পশ্চিমবংগৰ নন্দীগ্ৰামত আটাইতকৈ হাই প্ৰফাইল নিৰ্বাচনী যুঁজত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । সংবাদ মাধ্যমৰ আগত মমতাই প্ৰধানমন্ত্ৰীয়ে জয়নগৰত জন সাধাৰণক সম্বোধন কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰিছে বুলি অভিযোগ কৰে । ইয়াৰোপৰি, নিৰ্বাচন আয়োগে বিজেপিৰ পক্ষপাতিত্ব কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে মমতাই ।
লগতে কেন্দ্ৰীয় বাহিনীয়ে বিজেপিৰ সেৱা কৰি আছে, নিৰ্বাচন পেনেলে বিজেপিক সমৰ্থন কৰি আছে, প্ৰধানমন্ত্ৰী মোডীয়ে ভোট গ্ৰহণৰ দিনা নিৰ্বাচনী বিধি উলংঘন কৰিছে, ভোটাৰসকলক অপমান কৰা হৈছে, বিজেপি কৰ্মীসকলে টিএমচি ভোটাৰসকলক বুথলৈ যোৱাৰ পৰা বাধা দি আছে, গৃহমন্ত্ৰীয়ে চিআৰপিএফক নিৰ্দেশ দি আছে, বিজেপিৰ গুণ্ডাসকলক বিজেপিয়ে নিয়ন্ত্ৰণ কৰা উচিত, বঙালী ভাযা শুদ্ধকৈ ক'ব নোৱাৰা লোকসকলে নন্দীগ্ৰামত প্ৰৱেশ কৰিছে আৰু মহিলা সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি অভিয়োগ উত্থাপন কৰে মমতাই ।
আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ এটা ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰে । ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ (টিএমচি) কৰ্মীসকলে তেওঁলোকক নন্দীগ্ৰামৰ ভোটকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে ।