ETV Bharat / bharat

জয় শ্ৰী ৰাম ধ্বনিৰে মমতাক আদৰণি: ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্ম বাৰ্ষিকী উদযাপনত ভাষণ প্ৰদান কৰাত অস্বীকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ জয় শ্ৰীৰাম ধ্বনিৰে তেওঁক আদৰণি জনোৱাৰ প্ৰতিবাদ স্বৰূপে ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Mamata  refuses to deliver speech at the 125th birth anniversary celebrations of Netaji Subhash Chandra Bose

author img

By

Published : Jan 23, 2021, 6:06 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰী: নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকিও শুকুৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ৷ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই তেওঁক অপমানিত কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷

জানিব পৰা মতে, চৰকাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী গৰাকীক আমন্ত্ৰণ জনোৱা হৈছিল আৰু উক্ত অনুষ্ঠানতে তেওঁক জয় শ্ৰীৰাম ধ্বনিৰে আদৰণি জনোৱা হয় ৷ এই কাৰ্যত নিজকে অপমানিত অনুভৱ কৰি প্ৰতিবাদস্বৰূপে মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান নকৰাৰ সিদ্ধান্ত লয় ৷ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, চৰকাৰী কাৰ্যসূচীৰ কিছুমান মৰ্যদা থকা উচিত আৰু নেতাজীৰ জন্মদিন উদযাপন কোনো ৰাজনৈতিক অনুষ্ঠান নহয়, বৰঞ্চ ই এক চৰকাৰী অনুষ্ঠান ৷

অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অপমানিত কৰাৰ অভিযোগ উত্থাপন কৰি ভাষণ প্ৰদানত অস্বীকাৰ

কলকাতাত উক্ত অনুষ্ঠান আয়োজন কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰণালয়ৰ প্ৰতি তেওঁ কৃতজ্ঞ বুলি মন্তব্য কৰি বেনাৰ্জীয়ে কয় যে, "মই যথেষ্ট কৃতজ্ঞ যে আপোনালোকে কলকাতাত এই অনুষ্ঠানৰ আয়োজন কৰিছে ৷ কিন্তু কাৰোবাক নিমন্ত্ৰণ কৰি আনি অপমানিত কৰাটোৱে আপোনালোকক শোভা নিদিয়ে ৷ এই কাৰ্যৰ প্ৰতিবাদ জনাই মই আৰু একো ক'ব নোখোজো ৷ জয় হিন্দ, জয় বাংলা ৷"

লগতে পঢ়ক:বিজেপি মুখপাত্ৰৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.