নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: পশ্চিমবংগ বিজেপিয়ে শেহতীয়াকৈ অভিযোগ কৰিছে যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে অনীশ খানৰ হত্যাকাণ্ডৰ তদন্ত গাপ দিবলৈ নিজৰ বিশ্বাসী লোকৰ দ্বাৰা তিনিজনীয়া বিশেষ অনুসন্ধান দল (এছ.আই.টি) গঠন কৰিছে । এই সপ্তাহৰ আৰম্ভণিতে, মুখ্যমন্ত্ৰীয়ে 28 বছৰীয়া ছাত্ৰ নেতা অনীশ খানৰ মৃত্যুৰ তদন্তৰ বাবে এখন এছ.আই.টি গঠন কৰিছিল (Mamata Banerjee Government trying to hush up Anish Khan) ।
পশ্চিমবংগ বিজেপিৰ সহ পৰ্যবেক্ষক অমিত মালব্যই কৈছে যে অনীশৰ পিতৃ-মাতৃয়ে দাবী কৰা অনুসৰি চৰকাৰী পোছাক পৰিহিত আৰক্ষীয়ে তেওঁক হত্যা কৰিছিল (Anish Khan thrown to death by uniformed policemen) । মালব্যই অভিযোগ উত্থাপন কৰিছে কয় ,বেনাৰ্জী চৰকাৰে পৰিয়ালটোক ন্যায় দিয়াৰ পৰিৱৰ্তে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে ।
অভিযোগ অনুসৰি, আলিয়াহ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অনীশ খানক তেওঁৰ ঘৰলৈ অহা আক্ৰমণকাৰীয়ে নিশাৰ আন্ধাৰত তেওঁৰ বাসগৃহৰ চাদৰ পৰা দলিয়াই দিছিল ৷ মৃত যুৱকজনৰ দেউতাকে সাক্ষ্য দিয়া অনুসৰি, আক্ৰমণকাৰীয়ে নিজকে আমতা আৰক্ষী থানাৰ কৰ্মচাৰী বুলি পৰিচয় দিছিল । আক্ৰমণকাৰীসকলে হত্যা কৰাৰ সময়ত অনীশৰ পিতৃলৈকেও বন্দুক টোৱাইছিল বুলি জনায় দুৰ্ভগীয়া পিতৃজনে ৷ ঘটনাটোৰ ন্যায় বিচাৰি এতিয়া তেওঁ চিবিআই তদন্তৰ দাবী জনাইছে ।
হত্যাৰ বিষয়টো আৰু অধিক জটিল হৈ পৰিছিল যেতিয়া এখন পত্ৰ পোহৰলৈ আহিছিল য'ত অনীশে আমতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ লিখিছিল যে তেওঁৰ নেতৃত্বত ২০২১ বৰ্ষৰ ২২ মে’ত জনস্বাস্থ্য সুৰক্ষা সমিতিয়ে তেওঁৰ গাঁৱত এটা ৰক্তদান শিবিৰ আয়োজন কৰিছিল । এই ঘটনা সম্পৰ্কত বেনাৰ্জীয়ে প্ৰতিবেদন দাখিল কৰিবলৈ এছ.আই.টিক ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে । অতিৰিক্ত সঞ্চালক প্ৰধান (চিআইডি) জ্ঞানৱন্ত সিঙৰ নেতৃত্বত এছ.আই.টিয়ে হত্যাৰ গোচৰটোৰ সন্দৰ্ভত আমতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱব্ৰত চক্ৰৱৰ্তী আৰু আন এজন বিষয়া প্ৰীতম ভৌমিকক সোধা-পোছা আৰম্ভ কৰিছে ।
লগতে পঢ়ক: Russian invasion of Ukraine: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লোৱা প্ৰস্তাৱত মতদান নকৰিলে ভাৰতে