ETV Bharat / bharat

Mamata Banerjee: বিমান বিজুতিৰ বাবে মমতা বেনাৰ্জীৰ ডুবাই যাত্ৰাত তিনিঘণ্টা পলম; বুধবাৰে যাব স্পেইনলৈ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:38 PM IST

আজি ডুবাইলৈ ৰাওণা হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷ ডুবাইৰ পৰা বুধবাৰে স্পেইনলৈ যাব মুখ্যমন্ত্ৰীগৰাকী ৷ অৱশ্যে ডুবাইলৈ ৰাওণা হোৱাৰ পূৰ্বে বিমান বিজুতিৰ বাবে তিনিঘণ্টা নিৰ্ধাৰিত সময়ৰ যাত্ৰা পলম হয় ৷

Mamata Banerjee
Mamata Banerjee

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডুবাই অভিমুখী বিমানখন কাৰিকৰী বিজুতিৰ বাবে মঙলবাৰে প্ৰায় তিনি ঘণ্টা পলম হয় ৷ মমতা আৰু তেওঁৰ দলটোৱে মঙলবাৰে পুৱা 8.30 বজাত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 12 দিনীয়া ভ্ৰমণৰ বাবে ডুবাই আৰু স্পেইনলৈ ৰাওনা হোৱাৰ কথা আছিল ৷

মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীয়ে পশ্চিম বংগত বিনিয়োগকাৰী অনাৰ বাবে ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ কিন্তু তেওঁৰ প্ৰস্থানৰ ঠিক পূৰ্বে, কাৰিকৰী বিজুতিৰ বাবে বিমানখন তিনি ঘণ্টা পলম হয়৷ মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচী অনুসৰি, তেওঁ মঙলবাৰে নিশা ডুবাইত নৈশ যাপন কৰিব ৷

তেওঁ বুধবাৰে পুৱা ডুবাইৰ পৰা স্পেইনৰ ৰাজধানী মাদ্ৰিদলৈ যাত্ৰা আৰম্ভ কৰিব ৷ জানিব পৰা মতে তেওঁ মুখ্যতঃ সংযোগী বিমান উপলব্ধ নোহোৱাৰ বাবে ডুবাইত এৰাতি কটাব ৷ মঙলবাৰে বিমানবন্দৰত প্ৰৱেশ কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, ‘‘আমি বিদেশলৈ যোৱা পাঁচ বছৰ হ’ল । এই বছৰৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বিষয়বস্তু আছিল স্পেইন ৷’’

‘‘স্পেইন উৎপাদন আৰু অন্যান্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৷ আমি স্পেইনত ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰিম ৷ তেওঁলোকৰ বিদেশী প্ৰতিনিধিসকল বাৰে বাৰে ইয়ালৈ (কলকাতালৈ) আহে । কিন্তু আমি নাযাওঁ । সেইবাবে আমি এতিয়া স্পেইনলৈ গৈছো ৷ ডুবাইত এখন ব্যৱসায়িক সন্মিলনো আছে ৷ মই পৰৱৰ্তী সময়ত সকলো অৱগত কৰিম,’’ মমতা বেনাৰ্জীয়ে লগতে কয় ৷

এই ভ্ৰমণত মমতা বেনাৰ্জীৰ সৈতে আছে মুখ্য সচিব হৰিকৃষ্ণ দ্বিবেদী আৰু চৰকাৰৰ আন বহুতো বিষয়া ৷ সৌৰভ গাংগুলীৰ উপৰিও মোহন বাগান, পূব বংগ আৰু মহম্মদান স্পোৰ্টিংৰ এজন প্ৰতিনিধিও তেওঁৰ সৈতে আছে । গাংগুলীয়ে লণ্ডনৰ পৰা পোনপটীয়াকৈ মাদ্ৰিদলৈ উৰা মাৰিব ।

মমতা বেনাৰ্জীয়ে কয় যে তেওঁ তিনিদিন মাদ্ৰিদত থাকিব আৰু উদ্যোগ সন্মিলনত অংশগ্ৰহণ কৰিব । তেওঁ মাদ্ৰিদত প্ৰৱাসী বাঙালীসকলক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে ৷ মাদ্ৰিদৰ পৰা তেওঁ বেংগল গ্লোবেল বিজনেছ ছামিট (BGNS)ত এখন সভাৰত অংশ লোৱাৰ বাবে বাৰ্চিলোনালৈ যাব । মমতা বেনাৰ্জীয়ে বেংগল ফুটবলৰ বিকাশৰ বাবে লা লিগাৰ (La Liga) সভাপতি জেভিয়েৰ টেবাছৰ সৈতেও সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । উভতি অহাৰ সময়ত, তেওঁ ডুবাইত BGBS সন্দৰ্ভত স্থানীয় উদ্যোগপতিসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে 23 ছেপ্টেম্বৰত কলকাতালৈ উভতি আহিব ।

লগতে পঢ়ক: Trudeau to Leave India : আজি বিয়লি কানাডালৈ ৰাওনা হোৱাৰ সম্ভাৱনা ট্ৰুডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.