ETV Bharat / bharat

"দিদি"য়ে লাভ কৰিব পাৰে SPG ৰ সুৰক্ষা - CM Mamata Banerjee security in SPG style

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব(security system of Mamata Banerjee)পাৰে । তেওঁৰ নিৰাপত্তা ব্যৱস্থা বিশেষ সুৰক্ষা গোট(Special Protection Group)ৰ দ্বাৰা হোৱাৰ আশা প্ৰকাশ কৰা হৈছে(CM Mamata Banerjee security in SPG style) । প্ৰধানতঃ দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা SPG সুৰক্ষা কিয় মমতা বেনাৰ্জীক প্ৰদান কৰা হ'ব পাৰে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

mamata banerjee to get spg kind of security cover
দিদিয়ে লাভ কৰিব SPG
author img

By

Published : Jul 8, 2022, 10:30 AM IST

নেশ্যনেল ডেস্ক,৮ জুলাই: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সুৰক্ষা ব্যৱস্থালৈ আহি পৰিছে ভাবুকি(security system of Mamata Banerjee) । সেয়ে হয়তো দিদিক প্ৰদান কৰা হ'ব পাৰে SPG নিৰাপত্তা ব্যৱস্থা(CM Mamata Banerjee security in SPG style) । এই নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ১৯৯৮ বৰ্ষৰ IPS বিবেক সহায়ক নিৰাপত্তা সঞ্চালকৰ পদৰ অব্যাহতি প্ৰদান কৰা হৈছে । তেওঁৰ বিপৰীতে ADGপৰ্যায়ৰ এগৰাকী IPS বিষয়া পীযুষ পাণ্ডেক নিয়োগ কৰা হৈছে । আৰক্ষীৰ এক সুত্ৰই জনোৱা অনুসৰি বৰ্তমান অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পীযুষ পাণ্ডে কেন্দ্ৰত এছপিজিৰ দায়িত্বত থকা এগৰাকী দক্ষ বিষয়া আছিল ।

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে এছপিজি মুখ্যতঃ দায়বদ্ধ । তেওঁলোকৰ কৰ্ম ব্যৱস্থা সম্পূৰ্ণ বেলেগ । Special Protection Groupৰ কমাণ্ডোসকলক উপযুক্ত সময়ত কেনেদৰে সঠিক পদক্ষেপ ল'ব লাগে তাৰ সম্পূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰা হয় । SPG ৰ হাতত থাকে অত্যাধুনিক আগ্নেয়াস্ত্ৰ । লগতে জৰুৰীকালীন অৱস্থাত কেনেদৰে সুৰক্ষা জাল প্ৰদান কৰিব লাগে সেয়াও চোৱাচিতা কৰে ।

উল্লেখ্য যে উত্তৰ ২৪ পৰগণাৰ বাছিৰহাট নিবাসী হাফিজুল মোল্লাই ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কালিঘাটৰ বাসগৃহত লোহাৰ ৰড লৈ অলপতে প্ৰৱেশ কৰিছিল । সেইবাবেই মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে বুলি এক সুত্ৰত প্ৰকাশ পাইছে । বৰ্তমান মোল্লাক লালবজাৰৰ বিশেষ অনুসন্ধান দলে তেওঁলোকৰ জিম্মাত সোধা-পোছা কৰি আছে । অৱশ্যে, পীযুষ পাণ্ডেৰ দৰে এজন IPS বিষয়াই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰাপত্তা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰিছে একাংশ আৰক্ষী বিষয়াই ।

লগতে পঢ়ক: ইছৰত জাহানৰ জামিনৰ বিৰুদ্ধে ১১ জুলাইত শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.