ETV Bharat / bharat

Mamata opposes NRC again : পুনৰ NRCৰ বিৰোধিতা মমতা বেনাৰ্জীৰ

author img

By

Published : Apr 17, 2023, 10:01 PM IST

পূৰ্বৰ স্থিতিত অটল আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ৰাজ্যখনত কেন্দ্ৰই পুনৰ এনআৰচি আৰু কা' আনিব বিচাৰে বুলি অভিযোগ কৰিছে টিএমচিৰ নেত্ৰীগৰাকীয়ে (Mamata slams central govt)। কেন্দ্ৰক এই ক্ষেত্ৰত সকীয়নি মমতা বেনাৰ্জীৰ ।

Mamata opposes NRC again
পুনৰ NRCৰ বিৰোধিতা মমতা বেনাৰ্জীৰ

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচি আৰু নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' প্ৰসংগত পুনৰ সৰৱ হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee on NRC and CAA)। তেওঁৰ মতে, কেন্দ্ৰই পশ্চিমবংগত পুনৰ এনআৰচি আৰু প্ৰৱৰ্তন কৰিব বিচাৰে । এটা বিশেষ সম্প্ৰদায়ক কেন্দ্ৰই লক্ষ্য কৰি লৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে । এনআৰচিক লৈ পশ্চিমবংগত কোনো খেল খেলিবলৈ দিয়া নহ'ব বুলিও মমতা বেনাৰ্জীয়ে সকীয়াই দিয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্য চৰকাৰলৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এখন নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনৰ জৰিয়তে কেন্দ্ৰই অবৈধ আধাৰ কাৰ্ডবিলাক বিচাৰি উলিয়াবলৈ আৰু সেইবোৰ সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে সেই পত্ৰখনত উত্তৰ আৰু দক্ষিণ ২৪ পৰগণাৰ কেইবাটাও অঞ্চলৰ বিষয়ে উল্লেখ কৰা আছে । তেওঁৰ অভিযোগ কেন্দ্ৰৰ বিজেপি চৰকাৰে পুনৰ এন আৰ চি প্ৰৱৰ্তন কৰিব বিচাৰে (Mamata slams BJP on NRC issue)।

সচিবালয়ত আয়োজিত সংবাদমেলত মমতা বেনাৰ্জীয়ে পত্ৰখনৰ কথা উল্লেখ কৰে । তেওঁৰ অভিযোগ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে । তেওঁলোকে পুনৰ এন আৰ চি কৰিব বিচাৰে । কেন্দ্ৰই লোকসকলক ডিটেনচন কেম্পলৈ পঠিয়াব বিচাৰে বুলিও তেওঁ অভিযোগ কৰে । মমতা বেনাৰ্জীৰ অভিযোগ বিজেপিয়ে পুনৰ কা' প্ৰৱৰ্তন কৰিব বিচাৰে ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে নিৰ্বাচন চমু চাপি আহিলে বিজেপিয়ে মেৰুকৰণৰ ৰাজনীতি কৰে । তেওঁৰ মতে পশ্চিমবংগত আধাৰ বাধ্যতামূলক নহয় । তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে কাম নকৰে । তেওঁৰ মতে আইন-শৃংখলা এটা ৰাজ্যিক বিষয় । তেওঁ এন আৰ চিক লৈ একো খেল খেলিবলৈ নিদিয়ে বুলিও কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে (Mamata slams BJP)।

সংবাদ মাধ্যমৰ সন্মুখত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহকো তীব্ৰ সমালোচনা কৰে টিএমচিৰ মুৰব্বীগৰাকীয়ে । অমিত শ্বাহে পশ্চিমবংগৰ পৰা চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও অভিযোগ কৰে মমতা বেনাৰ্জীয়ে ।

লগতে পঢ়ক :Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ অফলাইন আৰু অনলাইন পঞ্জীয়ন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.